গোপাল বড়ো হাইস্কুলৰ শিক্ষয়িত্রীৰ ক’ভিডত মৃত্যু
নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ ৰাজ্যত ক’ৰোনাৰ ভয়াৱহ ৰূপ লোৱাৰ সময়তে গুৱাহাটীৰ এখন শিক্ষানুষ্ঠানৰ এগৰাকী শিক্ষয়িত্রী ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা খবৰে শংকা বৃদ্ধি কৰিছে৷ গুৱাহাটীৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা শাখাৰ সীমা হাজাৰী নামৰ শিক্ষয়িত্রীগৰাকী ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হয়৷ এই খবৰে শিক্ষানুষ্ঠানখনত হাহাকাৰ সৃষ্টি কৰিছে৷
উল্লেখ্য যে নগাঁও চহৰৰ ভূঞাপট্টি নিৱাসী সীমা হাজাৰী (৫২) আৰু তেওঁৰ স্বামী, একমাত্র কন্যা ক’ৰোনাত আক্রান্ত হোৱাত গুৱাহাটীৰ হেল্থ চিটীত চিকিৎসাধীন হৈ আছিল৷ কালি পুৱা চিকিৎসাধীন অৱস্থাতে সীমা হাজাৰীৰ মৃত্যু হয়৷ তেওঁৰ কন্যা সুস্থ হৈ ঘৰলৈ উভতি আহিছে যদিও স্বামী বর্তমানেও চিকিৎসালয়খনৰ আই চি ইউত চিকিৎসাধীন হৈ আছে৷ পাঁচ এপ্রিললৈকে শিক্ষয়িত্রীগৰাকীয়ে পাঠদান কৰি আছিল বুলিও জানিব পৰা গৈছে৷
সীমা হাজাৰীক লৈ নগাঁও চহৰত ইতিমধ্যে দুজন লোকৰ মৃত্যু হৈছে৷ নগাঁও জিলাত এতিয়ালৈ ৬৮জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইফালে সীমা হাজাৰীৰ মৃত্যুৰ ঘটনাক লৈ যথেষ্ট তৎপৰ হৈ পৰা কামৰূপ (মহানগৰ) জিলা প্রশাসনে অসুস্থ অনুভৱ কৰা প্রতিজন ব্যক্তিকে ক’ভিড টেষ্ট কৰাৰ বাবে পৰামর্শ আগবঢ়াইছে৷
জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে প্রকাশ কৰা মতে, প্রতিদিনৰ পৰিস্থিতিৰ প্রতি প্রশাসনে নজৰ দিছে৷ প্রয়োজনত গুৱাহাটীত ১৪৪ ধাৰা বলৱৎ কৰা হ’ব৷ মাস্ক নিপিন্ধিলে জৰিমনা বিহাৰো ব্যৱস্থা কৰা হ’ব৷ গুৱাহাটী এতিয়া স্পর্শকাতৰ৷ সেয়েহে ক’ভিড প্রট’কলসমূহ সকলো পক্ষই মানি চলিব লাগিব৷ আজি গুৱাহাটীৰ চিটীবাছৰ চালক আৰু হেণ্ডিমেনসকলক ভেকচিন দিয়া হ’ব বুলিও উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে৷ ইফালে ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা শিক্ষয়িত্রীগৰাকীৰ স্বামী আৰু সন্তানো ক’ৰোনাত আক্রান্ত হৈছে বুলি জানিব পৰা গৈছে৷