নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমতে থাকিব টাটা টীৰ অপাৰেটিং মুখ্য কার্যালয়

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ সকলো বিতর্ক আৰু উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত ‘টাটা টী’য়ে গুৱাহাটীতে মুখ্য অপাৰেটিং কার্যালয় বাহাল ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিলে৷ আজি কেন্দ্রীয় চৰকাৰৰ ঊর্ধ্বতন কর্তৃপক্ষৰে হোৱা এক বৈঠকৰ অন্তত এমাল্গেমেটেড প্লেণ্টেচন্ছ প্রাইভেট লিমিটেডৰ তৰফৰ পৰা প্রকাশিত এক প্রেছ বিজ্ঞপ্তিত এই কথা সদৰী কৰা হয়৷

বিজ্ঞপ্তিটোত স্পষ্টভাৱে কোৱা হয় যে অসমত থকা ২১খন চাহ বাগিচাৰ প্রায় ৫০ হাজাৰ প্রত্যক্ষ–পৰোক্ষ কর্মচাৰীৰ স্বার্থত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ উল্লেখ্য যে টাটা টীৰ গুৱাহাটীৰ খ্রীষ্টানবস্তিস্থিত মুখ্য অপাৰেটিং কার্যালয় স্থানান্তৰ কৰাক কেন্দ্র কৰি তীব্র বিতর্ক সৃষ্টি হৈছিল৷ আনকি সশস্ত্র সংগঠন আলফা (স্বাধীন)–য়ো বিষয়টোক লৈ টাটা টী কর্তৃপক্ষক সকীয়নি দিছিল৷

জানিব পৰা মতে, শনিবাৰে কেন্দ্রীয় চৰকাৰৰ ঊর্ধ্বতন কর্তৃপক্ষৰে টাটা টীৰ শীর্ষ বিষয়াবর্গৰ এক বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত উপস্থিত আছিল কেন্দ্রীয় মন্ত্রী পীয়ূষ গোৱেল আৰু ৰামেশ্বৰ তেলী৷ বৈঠকৰ অন্তত এমালগেমেটেড প্লেণ্টেচন্ছ প্রাইভেট লিমিটেডৰ তৰফৰ পৰা প্রকাশ কৰা বিজ্ঞপ্তিত সংস্থাটোৱে অসমৰ প্রতি দায়বদ্ধ বুলি উল্লেখ কৰে৷

You might also like