নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব শর্মাৰ বিজয় কামনাৰে জালুকবাৰী–মালিগাঁও– মছজিদত বিশেষ দোৱা

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ অহা ৬ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় তথা শেষ পর্যায়ৰ নির্বাচনলৈ মাজত মাত্র তিনি দিন বাকী থকা অৱস্থাত নির্বাচনী প্রচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হৈছে৷ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা দলীয়–নির্দলীয় প্রার্থীসকলে ভোটাৰ ৰাইজৰ মন জয় কৰাৰ বাবে সভা–সমিতি, পদযাত্রা, বাইক ৰেলী আদি অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে নির্বাচনত বিজয়ী হোৱাৰ বাবে মন্দিৰ, মছজিদ, গির্জাত প্রার্থনা কৰাকে ধৰি নেদেখাজনৰো আশিস লোৱা পৰিলক্ষিত হৈছে৷ এইক্ষেত্রত জালুকবাৰী সমষ্টিৰ পৰা ষষ্ঠবাৰৰ বাবে প্রতিদ্বন্দ্বিতা আগবঢ়োৱা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক অভিলেখ পৰিমাণৰ ভোটত বিজয়ী কৰাৰ বাবে বিজেপিকে ধৰি মিত্রজোঁটৰ অংশীদাৰ দলসমূহৰ কর্মীসকলে দিন–ৰাতি একাকাৰ কৰি ঘৰে ঘৰে গৈ ৰাইজৰ মাজত প্রচাৰ চলাইছে৷

ইফালে, সমষ্টিটোত কর্মী–সমর্থকসকল ড০ হিমন্ত বিশ্ব শর্মাৰ বিজয় কামনাৰে নেদেখাজনৰ আশিস বিচাৰি মন্দিৰ, মছজিদ, গির্জাত প্রার্থনা কৰা দেখা গৈছে৷ আজি ইছলামধর্মী লোকসকলৰ পৱিত্র জুম্মাৰ নামাজৰ লগত সংগতি ৰাখি সমষ্টিটোৰ জালুকবাৰী, মালিগাঁও, পাণ্ডুত থকা কেইবাটাও মছজিদত ড০ হিমন্ত বিশ্ব শর্মাৰ বিজয় কামনা কৰি সমূহীয়া দোৱাৰ আয়োজন কৰা হয়৷ জুম্মাৰ নামাজৰ পিছতে মছজিদত অনুষ্ঠিত দোৱাত ড০ হিমন্ত বিশ্ব শর্মাৰ বিজয় কামনা কৰা হয়৷ উত্তৰ জালুকবাৰী ১নং জামে মছজিদৰ কর্মকর্তা আলহাজ ইব্রাহিম আলীয়ে জানিবলৈ দিয়া মতে, সমূহীয়া দোৱাত ইমামতি কৰে মছজিদৰ ইমাম মৌলানা ৰহুল আমিনে৷

তেনেদৰে উত্তৰ জালুকবাৰী বড মছজিদৰ সম্পাদক আবুল আলীয়ে জানিবলৈ দিয়া মতে, সমূহীয়া দোৱাত ইমামতি কৰে মছজিদৰ ইমাম মুফটি মোৱাজুদ্দিন আহমেদে৷ আবুল আলী, ইফটিকাৰ আলী (বাবু), ৰাজীৱ আলী, ইমদাদ আলীকে ধৰি দুয়োটা মছজিদৰ কেইবাজনো কর্মকর্তাই সদৰী কৰা অনুসৰি, ড০ হিমন্ত বিশ্ব শর্মাক কিমান অভিলেখ পৰিমাণৰ ভোটত বিজয়ী কৰি বিধানসভালৈ পঠিয়াব পাৰোঁ আৰু নিৰকুংশ সংখ্যাগৰিষ্ঠতাৰে মিত্রজোঁটৰ এখন চৰকাৰ হয়, তাৰ বাবে আমি কামনা কৰিছোঁ৷

You might also like