নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰ–পানীখাইতী বিসংগতিমূলক ভোটাৰ তালিকা

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ অন্তিম পর্যায়ৰ নির্বাচনৰ ভোটগ্রহণৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ হৈ উঠাৰ সময়তে শেহতীয়াকৈ ৱার্ড ভিত্তিত প্রকাশ হোৱা বিসংগতিমূলক ভোটাৰ তালিকাক লৈ হাহাকাৰ লাগিছে দিছপুৰ সমষ্টিৰ চন্দ্রপুৰ আৰু পানীখাইতীৰ একাংশ ভোটাৰৰ মাজত৷ কিয়নো অতি শেহতীয়াকৈ প্রকাশ হোৱা ভোটাৰ তালিকাৰ পৰা বহু লোকৰ নাম বাদ দিয়া অর্থাৎ কর্তন কৰা দেখুওৱা হৈছে৷

জানিব পৰা মতে, চন্দ্রপুৰ আৰু পানীখাইতী জ’নৰ অর্ধশতাধিক জীৱিত ভোটাৰক মৃত বুলি ‘ডিলিট’ মোহৰ মাৰি দিয়া হৈছে তালিকাত৷ ফলত এই ভোটাৰসকল অহা ৬ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া নির্বাচনী প্রক্রিয়াত নিজৰ ভোটাধিকাৰৰ পৰা বঞ্চিত হ’বলগীয়া হ’ব৷

প্রাপ্ত তথ্য অনুসৰি, চন্দ্রপুৰ জ’নৰ সাতটা কেন্দ্রৰ এঘাৰগৰাকী জীৱিত ভোটাৰক মৃত সজাই ডিলিট মোহৰ মাৰিছে সংশ্লিষ্ট বিভাগে৷ শেহতীয়া ভোটাৰ তালিকা অনুসৰি, ২৭০নং কেন্দ্রৰ সংগীতা বড়ো, ২৭১নং কেন্দ্রৰ ধৰণী কলিতা, ২৭২নং কেন্দ্রৰ ৰাতুল ফাংচু, ২৭৩নং কেন্দ্রৰ শেৱালি মিত্র, ২৭৫নং কেন্দ্রৰ তিলক মেধি, ২৭৭নং কেন্দ্রৰ সঞ্জীৱ কুমাৰ দাস, ৰিম্পী মুখার্জী আৰু ৰিয়া মুখার্জীৰ উপৰি ২৭৯নং কেন্দ্রৰ পাৰুল দাস, নীলমণি টেৰণ আৰু মিণ্টু ৰহাঙৰ নাম মৃত হিচাপে কর্তন কৰিছে৷ একেদৰে পানীখাইতী জ’নৰো কুৰিগৰাকীতকৈ অধিক ভোটাৰৰ নাম এনেধৰণে কর্তন কৰা হৈছে৷

আশ্চর্যকৰ কথা যে পানীখাইতী জ’নৰ শৰৎ কলিতা নামৰ বি এল অ’গৰাকীৰ নামো মৃত হিচাপে তালিকাৰ পৰা কর্তন কৰা দেখা গৈছে৷ কালি ভোটাৰসকলে এই বিষয়ে অৱগত হোৱাত হাহাকাৰ লাগিছে তেওঁলোকৰ মাজত৷

You might also like