নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রন্থ প্রকাশৰ সমান্তৰালকৈ পাঠকৰ সংখ্যা বৃদ্ধি পালে উৎসাহ পাব লেখক–লেখিকাই

নিয়মীয়া বাৰ্তা , ৫ জানুৱাৰীঃ  গুৱাহাটী প্রেছ ক্লাবত মঙলবাৰে বিজু বৰাৰ প্রবন্ধ সংকলন ‘নীলা চিয়াঁহীৰ ভিন্ন অভিজ্ঞতা’ উন্মোচন কৰা হয়৷ তদুপলক্ষে আয়োজিত এটা অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাই গ্রন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ উন্মোচনী ভাষণত উন্মোচকগৰাকীয়ে লেখক বিজু বৰাৰ সাহিত্য চর্চাৰ শলাগ লয়৷

সম্পাদকগৰাকীয়ে লগতে কয় যে সাম্প্রতিক সময়ত যিদৰে গ্রন্থ প্রকাশ পাবলৈ ধৰিছে, সেই অনুপাতে পাঠকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হোৱা নাই৷ গ্রন্থ প্রকাশৰ লগতে পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি পালেহে লেখক–লেখিকাই উৎসাহ পাব বুলি উন্মোচকগৰাকীয়ে মন্তব্য কৰে৷ অনুষ্ঠানত কবি ধ্রুৱজ্যোতি দাসে বক্তব্য অগবঢ়াই বিজু বৰাৰ গ্রন্থখনে পাঠকৰ সমাদৰ লাভ কৰিব বুলি আশা ব্যক্ত কৰে৷ গীতাঞ্জলি শর্মাই আঁতধৰা অনুষ্ঠানত প্রজ্ঞা মিডিয়াহাইপৰ প্রকাশক উজ্জ্বল বৰা আৰু লেখিকা বিজু বৰাকে ধৰি বহু ব্যক্তি উপস্থিত থাকে৷

You might also like