বিশ্বকাপৰ ছেমিফাইনেল–ফাইনেলৰ দিনা পুৱা ৩:৩০ বজালৈ খোলা থাকিব ৰেষ্টুৰেণ্ট
ফুটবল বিশ্বকাপৰ ৰোমাঞ্চকৰ ছেমিফাইনেল আৰু ফাইনেল মেচসমূহ উপভোগ কৰিবলৈ ফুটবলপ্ৰেমীসকলৰ বাবে সুখবৰ। খেলপ্ৰেমীসকলে যাতে কোনো অসুবিধা নোহোৱাকৈ একেলগে বহি মেচসমূহ উপভোগ কৰিব পাৰে, সেই উদ্দেশ্যে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এই সিদ্ধান্ত অনুসৰি, গুৱাহাটীত ১৫, ১৬, ১৯ আৰু ২০ জুলাইৰ নিশা ৰেষ্টুৰেণ্টসমূহ পুৱা ৩:৩০ বজালৈ খোলা ৰাখিবলৈ জিলা প্ৰশাসনক অনুমতি প্ৰদান কৰা হৈছে।
ইয়াৰ উপৰি, ৰাজ্যৰ আন জিলাসমূহতো যদি ৰেষ্টুৰেণ্ট মালিক সন্থা আৰু স্থানীয় জনসাধাৰণে অনুৰোধ জনায়, তেন্তে সংশ্লিষ্ট জিলা প্ৰশাসনেও একেধৰণৰ অনুমতি প্ৰদান কৰিব পাৰিব।
এই পদক্ষেপৰ লক্ষ্য হৈছে ফুটবলপ্ৰেমীসকলক এক সুস্থ আৰু সুৰক্ষিত পৰিৱেশত বিশ্বকাপৰ ছেমিফাইনেল আৰু ফাইনেল মেচসমূহ উপভোগ কৰাৰ সুযোগ প্ৰদান কৰা।
কৰ্তৃপক্ষই সকলো ফুটবলপ্ৰেমীক ক্ৰীড়াসুলভ মানসিকতা বজাই ৰাখি দায়িত্বশীলভাৱে খেলসমূহ উপভোগ কৰাৰ আহ্বান জনাইছে। ফুটবলৰ এই বিশ্বমঞ্চৰ ৰোমাঞ্চ একেলগে উদযাপন কৰি খেলৰ প্ৰতি থকা ভালপোৱা আৰু সম্প্ৰীতিৰ বাৰ্তা আগবঢ়াবলৈও আহ্বান জনোৱা হৈছে।
ডিজিটেল ডেস্ক, ১৫ জুলাই