গড়চুকত ভুৱা আৰক্ষী বিষয়াৰ ৰূপত অভিজাত বিদ্যালয়ৰ ছাত্র
নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ গড়চুক আৰক্ষীয়ে কালি নিশা এজন ভুৱা আৰক্ষী বিষয়াক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এ এছ–০১ ই এল–৭৫২৩ নম্বৰৰ বুলেট এখন লৈ আৰক্ষীৰ পোছাক পৰিধান কৰি নিজকে উপ–পৰিদর্শক বুলি চিনাকি দি কর্তব্যৰত আৰক্ষীক দুর্ব্যৱহাৰ কৰিছিল ভুৱা আৰক্ষী বিষয়াজনে৷ নিজকে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ উপ–পৰিদর্শক কুলজিৎ বৈশ্য বুলি চিনাকি দিয়া বিষয়াগৰাকীৰ ওপৰত সন্দেহ ওপজাত আৰক্ষীয়ে আটক কৰি গড়চুক থানালৈ নিয়ে৷ আৰক্ষীৰ জেৰাত যুৱকজনে বেতকুছিৰ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ ছাত্র বুলি পৰিচয় দিয়ে৷ ধৃত যুৱকজনৰ বিৰুদ্ধে গড়চুক থানাত ভাৰতীয় দণ্ডবিধিৰ ১৭১/৩৫৩/২৭৪(এ)/৪১৯ ধাৰাৰ অধীনত ১২৬/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ ধৃত যুৱকজন আজাৰা ধাৰাপুৰৰ চক্রধৰ বৈশ্যৰ পুত্র বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷