নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰত কৃষক দম্পতীৰ আত্মহনন

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ  ভৱানীপুৰ আৰক্ষী চকীৰ অন্তর্গত মাধৱপুৰ গাঁৱৰ কৃষক দম্পতীয়ে একলগে আত্মহননৰ দৰে চৰম পন্থা অৱলম্বনৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মাধৱপুৰৰ কৃষক সূর্যমোহন ৰয় (৫৯) আৰু তেওঁৰ পত্নী তাপসী ৰয় (৫৪) যোৱানিশা শোৱনিকোঠাত চিপ লৈ আত্মহনন হয়৷ পৰিয়ালৰ লোকে পুৱা বহু দেৰিলৈ যেতিয়া তেওঁলোকৰ শোৱনিকোঠাৰ দর্জা বন্ধ হৈ থকা প্রত্যক্ষ কৰে৷ লগে লগে দর্জা ভাঙি তেওঁলোকৰ ওলমি থকা মৃতদেহ প্রত্যক্ষ কৰে আৰু স্থানীয় আৰক্ষীয়ে পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে দুয়োৰে মৃতদেহ বৰপেটালৈ প্রেৰণ কৰে৷ কৃষক দম্পতীৰ আত্মহত্যাৰ কাৰণ স্পষ্ট হোৱা নাই৷ লক্ষণীয় যে কোঠাটোৰ এখন ৰডবিহীন খিৰিকী খোলা থকা বিষয়টোৱে ঘটনাটোক ৰহস্যাৱৃত কৰি তুলিছে৷

You might also like