ধাৰৰ বোজাঃ কণমানি পুত্রক হত্যা কৰি পিতৃৰ আত্মহত্যা
নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ আন এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গ’ল গুৱাহাটী৷ সাতগাঁও আৰক্ষী থানাৰ সন্মুখত থকা ১৯ নম্বৰ বাসগৃহত শনিবাৰে পুৱতিনিশা সংঘটিত হয় এই হত্যাকাণ্ড৷ সাতগাঁওস্থিত নুৰ হোমি’ ফার্মাচীৰ স্বত্বাধিকাৰী ভৱেশ শর্মাই পুৱতিনিশা নিজ বাসগৃহত পত্নী হিমাদ্রী শর্মাক ডিঙিত ছুৰীৰে ৰেপি হত্যাৰ চেষ্টা চলোৱাৰ বিপৰীতে ছয় বছৰীয়া কণমানি পুত্র পৰাগ শর্মাক ডিঙি চেপি হত্যা কৰি নিজে ফেনত ৰছীৰে আত্মহত্যা কৰে৷
শনিবাৰে পুৱা বাসগৃহৰ মালিকে ভাৰাতীয়া ভৱেশ শর্মাক চিপ লৈ থকা অৱস্থাত আৰু তেওঁৰ পত্নী হিমাদ্রী শর্মা আৰু পুত্র পৰাগ শর্মা বিছনাত পৰি থকা অৱস্থাত দেখা পাই সন্মুখতে থকা সাতগাঁও আৰক্ষীক খবৰ দিয়ে৷ ঘটনাস্থলীত লগে লগে সাতগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰি অর্ধচেতন অৱস্থাত হিমাদ্রী শর্মা আৰু পুত্র পৰাগ শর্মাক জি এম চি এইচলৈ প্রেৰণ কৰে৷
আৰক্ষীৰ পৰা জানিব পৰা মতে, জি এম চি এইচৰ চিকিৎসকে ছয় বছৰীয়া পুত্র পৰাগ শর্মা মৃত বুলি ঘোষণা কৰাৰ বিপৰীতে পত্নী হিমাদ্রী শর্মা বর্তমান সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন হৈ আছে৷ সাতগাঁও আৰক্ষীয়ে বাসগৃহটোৰ পৰা এখন তেজ লাগি থকা ছুৰী উদ্ধাৰ কৰে৷
সাতগাঁও আৰক্ষীয়ে সমগ্র ঘটনা সন্দর্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ ঘটনাস্থলীত মহানগৰ আৰক্ষীৰ শীর্ষ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীয়ে সন্দেহ প্রকাশ কৰা মতে ধাৰৰ বোজা–আর্থিক দীনতাৰ বাবে ভৱেশ শর্মাই পত্নীক ৰেপি আৰু পুত্রক ডিঙি চেপি হত্যা কৰি নিজে ফেনত চিপ লৈ আত্মহত্যা কৰিছে৷
উল্লেখ্য যে ভৱেশ শর্মা (৪৮), পত্নী হিমাদ্রী শর্মাই (৩৫) ছয় বছৰীয়া পৰাগ শর্মাৰ সৈতে ভাৰাতীয়া হিচাপে সাতগাঁও আৰক্ষী থানাৰ সন্মুখত ৰঞ্জন বৰদলৈ নামৰ এজন লোকৰ বাসগৃহত বিগত বহুদিন ধৰি বসবাস কৰি আছিল৷ ভৱেশ শর্মাই সাতগাঁও ৰে’ললাইনৰ সমীপত থকা নুৰ হোমিঅ’ ফার্মাচী দি পৰিয়ালটো পোহপাল দি আছিল৷ সমগ্র ঘটনা সন্দর্ভত সাতগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷
প্রাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ভৱেশ শর্মাই আত্মীয় আৰু স্থানীয় কেইবাখনো ছ’চাইটীৰ পৰা কেইবালাখ টকা ধাৰলৈ লৈছিল৷ সেই ধাৰ পৰিশোধ কৰিব নোৱাৰি ভৱেশ শর্মাই এই হূদয়বিদাৰক ঘটনা সংঘটিত কৰে বুলি সন্দেহ প্রকাশ কৰিছে৷