নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমাহত ভেণ্ডিং জ’ন স্থাপন নকৰিলে আন্দোলনৰ হুংকাৰ

নিয়মীয়া বাৰ্তা ১৫ নৱেম্বৰঃ গুৱাহাটী মহানগৰীৰ পথত চলি থকা ব্যৱসায় বন্ধ কৰাৰ বাবে পৌৰ নিগমে ব্যৱসায়ীসকলক আহ্বান জনোৱাক লৈ পথ ব্যৱসায়ী সংস্থা, অসমে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ ‘পথ ব্যৱসায়ী জীৱিকা সুৰক্ষা আৰু পথ ব্যৱসায় নিয়ন্ত্রণ আইন ২০১৪’ক ভেঙুচালি কৰি মহানগৰীৰ প্রতিটো পথৰ পৰা ব্যৱসায় আঁতৰাবলৈ পৌৰ নিগমে হেঁচা প্রয়োগ কৰা বুলি সংস্থাৰ বিষয়ববীয়াসকলে অভিযোগ কৰে৷ আজি দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰি সংস্থাৰ সভাপতি চন্দন গোস্বামীয়ে কয় যে পথ ব্যৱসায় আইন অনুসৰি ২০১৫ চনতে পৌৰ নিগমে টাউন ভেণ্ডিং কমিটী গঠন কৰি পথ ব্যৱসায়ীসকলক সংস্থাপনৰ দিহা কৰিছিল৷ কিন্তু ছটা বছৰ অতিক্রম কৰাৰ পিছতো মহানগৰীত এটাও ভেণ্ডিং জ’ন স্থাপন কৰিব নোৱাৰিলে৷

শেহতীয়াকৈ পৌৰ নিগমে পথৰ পৰা ব্যৱসায় উঠাই নিবলৈ ব্যৱসায়ীসকলক আহ্বান জনাই এই নির্দেশ অমান্য কৰাসকলক উচ্ছেদ কৰাৰ উপৰি জে’লত ভৰোৱাৰ ভাবুকি প্রদান কৰি আহিছে৷ জিএমচি কর্তৃপক্ষই ব্যৱসায়ীসকলৰ প্রতি কৰা এনে আচৰণক আইনবিৰোধী আখ্যা দিয়াৰ লগতে কোনো কাৰণতে বিকল্প সংস্থাপন নোপোৱা পর্যন্ত এই কার্যক মানি লোৱা নহয় বুলি সংস্থাৰ সভাপতি গোস্বামীয়ে সদৰী কৰে৷ ইপিনে, পৌৰ নিগমৰ একাংশ দালালে পথ ব্যৱসায়ীসকলৰ পৰা দৈনিক ২০০–৪০০ টকা পর্যন্ত সংগ্রহ কৰাৰ অভিযোগ কৰে পথ ব্যৱসায়ী সংস্থাৰ বিষয়ববীয়াসকলে৷ ক’ভিড অতিমাৰীৰ সময়ছোৱাত পথ ব্যৱসায়ীসকলৰ প্রতি কৰা এনে আচৰণক অমানৱীয় আখ্যা দি পৌৰ নিগমক এনে কার্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়৷ তদুপৰি ইতিপূর্বে পৌৰ নিগমে চিনাক্ত কৰা ৮,৭৮১গৰাকী ব্যৱসায়ীৰ বাবে অহা এমাহৰ ভিতৰত ভেণ্ডিং জ’ন স্থাপন কৰা, পথ ব্যৱসায়ীসকলক পৰিচয়–পত্র প্রদান কৰা, প্রধানমন্ত্রী স্বনিধি আঁচনিৰ জৰিয়তে ব্যৱসায়ীসকলক ঋণ প্রদান কৰা, ই–শ্রম কার্ডৰ ব্যৱস্থা কৰাৰ লগতে মহানগৰীত অতি কমেও ৫০খন পথ বজাৰ ঘোষণা কৰাৰ দাবী জনাইছে৷ অন্যথা অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷ আজিৰ সংবাদ মেলত পথ ব্যৱসায়ী সংস্থাৰ উপদেষ্টা নৰেন ৰয়, সম্পাদক উত্তম ডেকাকে ধৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে৷

You might also like