গণেশগুৰিত নার্ছক অশালীন ইংগিতঃ অভিযুক্ত তাপসক আটক
নিয়মীয়া বাৰ্তা, ৭ মে’ : লকডাউনৰ মাজতেই বুধবাৰে দিছপুৰস্থিত গণেশ মন্দিৰৰ সমীপত নিশা প্রায় ৮ বজাত এক জঘন্য ঘটনা সংঘটিত হয়৷ নিশা আন্ধাৰৰ সুযোগ লৈ কেইবাগৰাকীও নার্ছক তাপস দাস নামৰ এজন যুৱকে অশালীন ইংগিত দিয়ে৷
নার্ছকেইগৰাকীয়ে যুৱকজনক কৰায়ত্ত কৰি উত্তম–মধ্যম শোধাই পিছত দিছপুৰ আৰক্ষীক গতাই দিয়ে৷
আৰক্ষী সূত্রই জনোৱা মতে, মহানগৰীৰ দিছপুৰ পলী ক্লিনিক হাস্পতালত কর্তব্য সমাপন কৰি গৃহ অভিমুখে গৈ থকা সময়তে গণেশ মন্দিৰৰ সমীপত যুৱকজনে নার্ছকেইগৰাকীক অশালীন ইংগিত দিয়ে৷ পিছত সাহসী নার্ছকেইগৰাকীয়ে যুৱকজনক উত্তম–মধ্যম শোধাই আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক আটক কৰি দিছপুৰ থানালৈ লৈ আনে৷
ঘটনা সন্দর্ভত ভুক্তভোগী নার্ছকেইগৰাকীয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি যুৱকজনক জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে পূর্বেও যুৱকজনে নার্ছকেইগৰাকীক অশালীন ইংগিত দিয়া বুলি অভিযোগ উত্থাপিত হৈছে৷ অৱশ্যে সমগ্র ঘটনাৰ প্রকৃত তথ্য তদন্তৰ পিছতহে পোহৰলৈ আহিব বুলি দিছপুৰ থানাৰ আৰক্ষীয়ে জানিবলৈ দিছে৷