ৰুক্মিণী নগৰত যুৱতীক যৌন নির্যাতনঃ অভিযুক্তক লপাথপা ৰাইজৰ
নিয়মীয়া বাৰ্তা, ১ আগষ্ট: গুৱাহাটী মহানগৰীত সুৰক্ষিত নহয় মহিলা–যুৱতী৷ আৰক্ষী–নিৰাপত্তাৰক্ষী গিজগিজাই থকা ৰাজধানী মহানগৰীত দিন–দুপৰতে যৌন নির্যাতন চলোৱাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে৷ মহানগৰীৰ ডাউন টাউনৰ সমীপত ৰুক্মিণী নগৰৰ ৰাজপথত খোজকাঢ়ি গৈ থকা এগৰাকী যুৱতীক স্কুটীত অহা এজন লম্পটে যৌন নির্যাতন চলায়৷
ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে বিয়লি প্রায় ৪.৩০ বজাত ৰুক্মিণী নগৰ পথেৰে গৈ থকা এগৰাকী যুৱতীক স্কুটীৰে অহা যুৱকজনে কাষত স্কুটীখন ৰখাই চিনাকী পথ কোন দিশে বুলি প্রশ্ন কৰে৷ যুৱতীগৰাকীয়ে উত্তৰত নাজানো বুলি কোৱাত লম্পট যুৱকজনে যুৱতীগৰাকীৰ কাষ চাপি আহি শৰীৰত হাত দিয়ে৷ যুৱতীগৰাকীয়ে লগে লগে যুৱকজনক আগভেটি ধৰি চিঞৰ–বাখৰ কৰাৰ লগতে তেওঁক স্কুটীসহ নলাত বগৰাই দিয়ে৷ পাছত স্থানীয় লোকে ওলাই আহি যুৱকজনক উত্তম–মধ্যম শোধাই আৰক্ষীক খবৰ দিয়ে৷
ঘটনাস্থলীত দিছপুৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ যুৱকজনক আটক কৰে৷ ধৃত যুৱকজন পাঞ্জাবাৰীৰ মধুসনা ৰাজকুমাৰ বুলি জানিব পৰা গৈছে৷ ঘটনা সন্দর্ভত দিছপুৰ থানাত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে স্থানীয় লোকে আৰক্ষী প্রশাসনক আহ্বান জনাইছে৷