নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ই–ৰিক্সা চালকৰ হুংকাৰ– ‘তেজ দিম, ডাম্পিং গ্রাউণ্ড হ’ব নিদিওঁ’

নিয়মীয়া বাৰ্তা, ১ আগষ্ট:  চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিলৰ দাবীত শনিবাৰে চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাৰ শ্বহীদ বেদী প্রাংগণৰ পৰা পাণবাৰী গাঁৱলৈ এক ই–ৰিক্সা ৰেলী উলিওৱা হয়৷ প্রতিবাদী ৰাইজে ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিল কৰক, অসম চৰকাৰ হায় হায়, জি এম চি হায় হায়, এ পি জি চি এল হায় হায় আদি শ্লোগানেৰে আকাশ–বতাহ কঁপাই তোলে৷ পুৱা ৯ বজাত ই–ৰিক্সাচালকসকলে ‘তেজ দিম, ডাম্পিং গ্রাউণ্ড হ’ব নিদিওঁ’ সংকল্পৰে ৰেলীত অংশগ্রহণ কৰে৷ ই–ৰিক্সা ৰেলীত অংশগ্রহণ কৰি প্রাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি বিষ্ণুৰাম বডোৱে কয় যে ডাম্পিং গ্রাউণ্ডৰ সিদ্ধান্ত আমি মনা নাই আৰু কেতিয়াও নামানো৷ অসম চৰাকৰে এই সিদ্ধান্ত বাতিল নকৰালৈ আমি প্রতিবাদ কৰিম৷ আশা কৰোঁ চৰকাৰে অতিশীঘ্রে সিদ্ধান্ত বাতিল কৰি চন্দ্রপুৰবাসীক ন্যায় প্রদান কৰিব৷ আজিৰ ই–ৰিক্সা ৰেলীত অংশগ্রহণ কৰি ঠাকুৰকুছি গাঁৱৰ ই–ৰিক্সাচালক পূজা বড়োৱে কয় যে চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত চন্দ্রপুৰৰ ৰাইজে কোনো কাৰণত মানি নলয়৷ ইয়াৰ প্রতিবাদত চন্দ্রপুৰৰ সর্বস্তৰৰ ৰাইজে প্রতিবাদ সাব্যস্ত কৰিছে, যদি চৰকাৰে শীঘ্রে এনে হঠকাৰী সিদ্ধান্ত বাতিল নকৰে তেতিয়াহ’লে ইয়াতকৈও তীব্র প্রতিবাদ সাব্যস্ত কৰা হ’ব৷ ই–ৰিক্সাচালক মিলন দাসে কয়– আমাৰ ক্ষুদ্র ক্ষুদ্র ব্যৱসায়ীসকলে কিবাকৈ এখন ই–ৰিক্সা লৈ ঘৰ চলাই আছেছা৷ কিন্তু জিএমচিৰ গাডীবোৰ আহিলে আমাৰ ই–ৰিক্সা চলাব নোৱাৰা এটা পৰিৱেশ হ’ব৷ চৰকাৰে এই কথাবোৰ উপলব্ধি কৰক৷ আমি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক অনুৰোধ জনালোঁ৷

উল্লেখ্য যে আজিৰ ই–ৰিক্সা ৰেলীত বৃহত্তৰ চন্দ্রপুৰ অঞ্চলটোৰ ই–ৰিক্সাচালকসকলে অংশগ্রহণ কৰাৰ উপৰি প্রাগজ্যোতিষপুৰ জিলা ড্রাইবেল সংঘৰ উপ–সভাপতি দ্বিগেন বংজাং, কৃষ্ণগুৰু সেৱাশ্রম চন্দ্রপুৰ শাখাৰ সম্পাদক অনুজ বৰুৱা, চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা টুটুমণি কলিতা, বিপজ্যোতি মালাকৰ, ৰমেন ঠাকুৰীয়া, সাধাৰণ সম্পাদক সৌৰভ দাস, উপ–সভাপতি চানবলী মহতু, বিত্ত সম্পাদক কৰণ নাথকে ধৰি ভালেমান সদস্যই অংশগ্রহণ কৰে৷

You might also like