জি এম ডি এত দুর্নীতিৰ বজাৰ অধীক্ষক ভুবনেশ্বৰ বৰপূজাৰীৰ
গাড়ী ভাৰাৰ নামত মাহে লাখ লাখ টকা লুণ্ঠন
নিয়মীয়া বাৰ্তা, ১৫ জুনঃ ৰাজ্য চৰকাৰে দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্রহণ কৰিলেও একাংশ চৰকাৰী কর্মচাৰীয়ে বিভাগীয় শিথিলতাৰ সুযোগ লৈ অবাধ দুর্নীতি সংঘটিত কৰি আহিছে৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকাৰী চমুকৈ জি এম ডি এত চলি থকা ভয়াৱহ দুর্নীতিৰ তথ্য পোহৰলৈ আহিছে৷
জি এম ডি এৰ মুখ্য কার্যবাহী বিষয়াৰ দুর্বলতাৰ সুযোগ লৈ কার্যালয়টোত একাংশ কর্মচাৰীয়ে বছৰৰ পিছত বছৰ ধৰি অবাধ দুর্নীতি সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷ জি এম ডি এৰ কার্যালয়ত বিগত কেইবাবছৰ ধৰি অধীক্ষক ভুবনেশ্বৰ বৰপূজাৰীয়ে গাড়ী ভাৰা লোৱাৰ নামত অবাধ দুর্নীতি সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷
জি এম ডি এৰ কার্যালয়ত পাঁচখনকৈ ইন’ভা, দুখন বলেৰ’সহ প্রায় ১২খন চৰকাৰী বাহন আছে৷ বিভাগীয় কাম–কাজৰ বাবে জি এম ডি এ কর্তৃপক্ষই আঠখনকৈ গাড়ী ভাৰাত লৈছিল৷ চৰকাৰী নীতি–নির্দেশনা উলংঘা কৰি কোনো চুক্তিপত্র নোহোৱাকৈ প্রতিমাহে গাড়ী ভাৰাৰ নামত লাখ লাখ টকা সৰকাই আহিছিল৷
এইক্ষেত্রত জি এম ডি এৰ অধীক্ষক ভুবনেশ্বৰ বৰপূজাৰীয়ে বিশেষ ভূমিকা লোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ এগৰাকী চৰকাৰী দায়িত্বশীল বিষয়া হৈও বৰপূজাৰীয়ে পত্নীৰ নামত ক্রয় কৰা ব্যক্তিগত ছুইফ্ট ডিজায়াৰ জি এম ডি এক বিগত কেইবাবছৰ ধৰি ভাৰাত দিছিল৷
জি এম ডি এ কর্তৃপক্ষই চুক্তিপত্র নোহোৱাকৈ ভাৰালৈ লোৱা এ এছ ০১ ডি জি ৩২৫২ নম্বৰৰ বাহনখনৰ বাবদ প্রতিমাহে ৪৭,৫০০ টকা, এ এছ ০১ এম এ ০৪৮৭ নম্বৰৰ বাহনখনত ২০,০০০, এ এছ ০১ ডি কিউ ৫২৮৮ নম্বৰৰ গাড়ীখনত ৩২,০০০, এ এছ ০১ ই চি ৮৯৯১ নম্বৰৰ বাহনখনত ২০,০০০, এ এছ ডি বি ৩৪৯০ নম্বৰৰ বাহনখনত ৩২,০০০, এ এছ ০১ এম বি ০০০২ নম্বৰৰ বাহনখনত ৩২,০০০, এ এছ ০১ ডি এফ ২১০০ নম্বৰৰ বাহনখনত ৩২,০০০, এ এছ ০১ ডি এছ ৩৭৪০ নম্বৰৰ বাহনখনত ৩২,০০০ টকাকৈ ভাৰা আদায় দি আহিছে৷
জি এম ডি এৰ কর্তৃপক্ষই চুক্তিপত্র নোহোৱাকৈ বাণিজ্যিক বাহনৰ বিপৰীতে ব্যক্তিগত বাহন কেনেদৰে বছৰৰ পিছত বছৰ ধৰি ভাৰাত চলালে সেয়া ৰহস্যৰ বিষয়৷ জি এম ডি এত বাহন ভাৰাৰ নামত প্রতিমাহে সংঘটিত লাখ লাখ টকাৰ দুর্নীতিৰ তদন্ত কৰিবনে জি এম ডি এৰ মুখ্য কার্যবাহী বিষয়াই৷ ইয়াৰ উপৰি জি এম ডি এৰ কার্যালয়ত উৎকোচ নিদিলে বছৰৰ পিছত বছৰ ধৰি ফাইল পৰি থকা বুলি একাংশ ভুক্তভোগীয়ে অভিযোগ কৰিছে৷ কার্যালয়ত কর্মৰত বিভা চক্রৱর্তী আৰু অস্থায়ী কর্মচাৰী বিশ্বজিৎ সোমক ধন নিদিলে ফাইল লৰচৰ নকৰে বুলিও অভিযোগ আনিছে ভুক্তভোগী লোকসকলে৷
জি এম ডি এৰ কার্যালয়ত মুখ্য কার্যবাহী বিষয়াৰ অজ্ঞাতে চলি থকা দুর্নীতি ৰোধ কৰাৰ বাবে বিষয়াগৰাকীয়ে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷ লক্ষণীয় যে কিছুদিন পূর্বে চুক্তিপত্র নোহোৱাকৈ ভাৰাত লোৱা গাড়ীসমূহ বিভাগীয় কাম–কাজত ব্যৱহাৰ কৰিব নোৱাৰিব বুলি মুখ্য কার্যবাহী বিষয়াগৰাকীয়ে নির্দেশ জাৰি কৰিছে৷ দীর্ঘদিন ধৰি ব্যক্তিগত বাহন ভাৰালৈ লৈ চলোৱা বিষয়টোৰ তদন্ত কৰিবনে মুখ্য কার্যবাহী বিষয়াগৰাকীয়ে৷