নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘স্বাভাৱিক’ গুৱাহাটীত নিশা ৯ বজালৈ খুলিল পথৰ দুয়োকাষৰ দোকান

৫০ শতাংশ যাত্রীৰে চলিল চিটীবাছঃ যথানিয়মে আৰম্ভ হ’ল আন্তঃজিলা যাতায়াতো

নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ   সুদীর্ঘ চাৰে চাৰি মাহ পাছত কার্যতঃ কিছু স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল গুৱাহাটী মহানগৰী৷ ক’ভিড–১৯ সংক্রমণ ৰোধৰ স্বার্থত বিগত দিনসমূহত বলৱৎ হোৱা লকডাউন, আনলকৰ কঠোৰতাসমূহ চৰকাৰ প্রশাসনে আজিৰে পৰা কার্যকৰী হোৱাকৈ যথেষ্ট পৰিমাণে শিথিলতা আনি আৰম্ভ কৰিছে আনলক–৩৷ আজিৰে পৰা অহা ৩১ আগষ্টলৈ জাৰি কৰা আনকল–৩ অনুসৰি, গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যখনত দোকান–পোহাৰ, বজাৰ–সমাৰ খোলা, যাতায়াতৰ সময় পুৱা ৫ বজাৰ পৰা নিশা ৯ বজাপর্যন্ত অনুমতি প্রদান কৰা হৈছে৷ সেইদৰে ক’ভিড প্রট’কল অনুসৰণ কৰি মাস্ক পৰিধান, সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি ছেনিটাইজাৰ ব্যৱস্থাৰ লগতে ৫০ শতাংশ যাত্রী কঢ়িয়াই চিটীবাছ চলাচলৰ অনুমতি প্রদান কৰা হৈছে৷ অনুৰূপ ধৰণে একেই ব্যৱস্থাপনাৰে আন্তঃজিলা যাতায়াতৰো অনুমতি দিয়া হৈছে৷ প্রত্যেক সপ্তাহত সোমবাৰৰ পৰা শুকুৰবাৰ পর্যন্ত সেই ব্যৱস্থাৰে বাছ–মটৰৰ চলাচল অব্যাহত থাকিব৷ আজি আনলক–৩ৰ প্রথম দিনটোত গুৱাহাটী মহানগৰীত ক’ভিড প্রট’কল অনুসৰি সুদীর্ঘ চাৰে চাৰি মাহ পাছত চিটীবাছৰ চলাচল আৰম্ভ হয়৷ সেইদৰে আন্তঃজিলা যাতায়াত আৰম্ভ হোৱাৰ পৰিপ্রেক্ষিতত পুনৰ প্রাণ পাই উঠিছে বেতকুছিস্থিত আই এছ বি টি, মাছখোৱা আৰু পল্টন বজাৰৰ ৰাজ্যিক পৰিবহণ নিগমৰ আস্থান, আদাবাৰীস্থিত বাছ আস্থান৷ মন কৰিবলগীয়া এয়ে যে যোৱা দুটা সপ্তাহত প্রশাসনে প্রতি সোম আৰু মঙলবাৰেহে আন্তঃজিলা যাতায়াতৰ অনুমতি প্রদান কৰিছিল৷ আজিৰে পৰা অহা ৩১ আগষ্ট পর্যন্ত সোমবাৰৰ পৰা শুকুৰবাৰলৈ সপ্তাহত ৫ দিনহে আন্তঃজিলা যাতায়াতৰ অনুমতি প্রদান কৰে৷ ইপিনে, গুৱাহাটী মহানগৰীত আজিৰে পৰা পথৰ দুয়োকাষে দোকান–পোহাৰসমূহ খোলাৰ অনুমতি দিয়াত স্বাভাৱিকতে ব্যৱসায়িক প্রতিষ্ঠানসমূহতো ব্যস্ততা বৃদ্ধি পাইছে৷ যোৱা চাৰে চাৰিটা মাহৰ স্তব্ধতাৰ বিপৰীতে আজি নিশা ৯ বজা পর্যন্ত মহানগৰীত দেখা গ’ল ব্যাপক জনসমাগম৷ চিটীবাছ, অলা–উবেৰ, অটোৰিক্সা, মেজিক, ৰিক্সাৰ লগতে ৰাজপথত দেখা গ’ল ব্যক্তিগত চাৰিচকীয়া, দুচকীয়া বাহনৰ ব্যাপক ভিৰ৷ চৰকাৰী কার্যালয়সমূহতো বিষয়া–কর্মচাৰীৰ উপস্থিতি আজি লক্ষণীয়ভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ চিটীবাছকে ধৰি ৰাজহুৱা পৰিবহণ আৰু ব্যক্তিগত বাহনৰ চলাচলত অনুমতি প্রদানৰ বাবেই জনতা ভৱনকে ধৰি প্রতিটো চৰকাৰী কার্যালয়ত বিষয়া–কর্মচাৰী অহাৰ ক্ষেত্রত ইমানদিনে উদ্ভৱ হোৱা সমস্যাৰো অৱসান ঘটে৷ ইপিনে, দীর্ঘ বিৰতিৰ অন্তত গুৱাহাটী আৰু যোৰহাটৰ মাজত জনশতাব্দী এক্সপ্রেছ ৰে’লখনৰ চলাচল আৰম্ভ হৈছে৷ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ জনসম্পর্কৰক্ষী বিষয়া নৃপেন্দ্র ভট্টাচার্যই জানিবলৈ দিয়া মতে, ৰাজ্য চৰকাৰৰ আনলকৰ নীতি–নিয়ম অনুসৰি সপ্তাহত সোমবাৰৰ পৰা শুকুৰবাৰলৈহে সেই ৰে’লখনৰ চলাচল অব্যাহত থাকিব৷ আনহাতে, আনলক–৩ আৰম্ভ হোৱা প্রথম দিনটোৱেই শাওণ মাহৰ অন্তিম সোমবাৰ হোৱাৰ পৰিপ্রেক্ষিতত আজি দেখা গ’ল শিৱ মন্দিৰসমূহত ভক্তৰ লানি নিছিগা ভিৰ৷ অৱশ্যে বহু শিথিলতাৰে আনলক–৩ আৰম্ভ হ’লেও আজিৰ দিনটোতো বন্ধ হৈ আছে শিক্ষানুষ্ঠান, চিনেমাগৃহ, পার্ক ইত্যাদি৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে সমগ্র দেশত যোৱা ২৪ মার্চৰ মাজনিশাৰ পৰা আৰম্ভ হোৱা লকডাউন মুঠ চাৰিটা পর্যায়ত ৩১ মে’ পর্যন্ত বাহাল থাকে৷ যোৱা ১ জুনৰ পৰা আনলক প্রক্রিয়া আৰম্ভ হয় যদিও ৰাজ্যখনত ক’ভিডৰ সংক্রমণ বৃদ্ধি পাবলৈ ধৰাত জুনৰ শেষভাগৰ পৰা গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন জিলাত প্রশাসনে পুনৰ লকডাউন ঘোষণা কৰিবলৈ বাধ্য হয়৷ শেহতীয়াকৈ ৰাজ্যখনত সংক্রমণৰ হাৰ হ্রাস পোৱাৰ পৰিপেক্ষিতত চৰকাৰে অর্থনৈতিক কাম–কাজ আৰম্ভ কৰাৰ লক্ষ্য আগত ৰাখি আজিৰে পৰা যথেষ্ট শিথিলতাৰে আনলক–৩ আৰম্ভ কৰে৷

You might also like