নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুচকীয়া বাহনৰ চালক আৰোহীয়ে হেলমেট পৰিধান কৰা বাধ্যতামূলক

এহেজাৰ টকা জৰিমনা

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীত দুচকীয়া বাহনৰ চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক৷

হেলমেট পৰিধান নকৰা বাহনৰ আৰোহীয়ে যান–বাহন আইন ১৯৪ ডি বিধিৰ অধীনত এহেজাৰ টকা জৰিমনা ভৰিব লাগিব৷

কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে তৎকালে বলৱৎ হোৱাকৈ কালি এই নির্দেশ জাৰি কৰে৷

গুৱাহাটী মহানগৰীত বৃদ্ধি পোৱা পথ দুর্ঘটনাৰ সংখ্যা হ্রাস কৰাৰ লক্ষ্যৰে যান–বাহন চলাওতে ল’ব লগা সাৱধানতাৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছে৷ দুচকীয়া বাহনৰ চালক আৰু আৰোহীক এই নির্দেশনা মানি চলিবলৈ পৰিবহণ বিষয়া দাসে আহ্বান জনায়৷ এই নির্দেশ অমান্য কৰা চালকৰ অনুজ্ঞাপত্রও বাতিল কৰা হ’ব৷

You might also like