গুৱাহাটীৰ অলিয়ে–গলিয়ে অবৈধ ব’ৰিং
নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকাৰী, জলব’ড আৰু জিএমচি কর্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ ফল ভুগিছে মহানগৰবাসীয়ে৷ প্রায় ২০ লক্ষ লোকে বসবাস কৰা গুৱাহাটী মহানগৰীত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে৷ বছৰৰ পিছত বছৰ ধৰি মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰিব নোৱাৰা ৰাজ্য চৰকাৰে বহুকেইটা অভিলাষী প্রকল্প লৈছে যদিও এতিয়াও সেই প্রকল্পকেইটা সম্পূর্ণ হৈ উঠা নাই৷ গুৱাহাটী মহানগৰীত বসবাস কৰা মাত্র ৩০ হাজাৰ পৰিয়ালকহে নিয়মীয়াকৈ খোৱাপানী যোগান ধৰি আহিছে পৌৰ নিগম আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে৷
চৰকাৰে বিশুদ্ধ খোৱাপানী যোগান ধৰিব নোৱাৰাৰ সুযোগ লৈ একাংশ অসাধু লোকে নীতিবহির্ভূতভাৱে ব’ৰিং বহুৱাই পানীৰ ব্যৱসায় চলাই আহিছে৷ তদুপৰি জিএমডিএ, জিএমচিৰ একাংশ অসাধু বিষয়া–কর্মচাৰীৰ লগত গোপন বুজাবুজি কৰি একাংশ বিল্ডাৰে মহানগৰীৰ বিভিন্ন স্থানত নির্মাণ কৰিছে বৃহৎ বৃহৎ অট্টালিকা৷ এই বিল্ডাৰ কোম্পানীসমূহে বক্রপথেৰে কেৱল অট্টালিকা নির্মাণ কৰাই নহয়, নীতিবহির্ভূতভাৱে ব’ৰিং কৰি পানীৰ ব্যৱস্থা কৰিছে৷ এই বিল্ডাৰ কোম্পানীসমূহে গুৱাহাটীৰ অলিয়ে–গলিয়ে অট্টালিকা নির্মাণ কৰি ব’ৰিং কৰাৰ ফলত কাষৰীয়া অঞ্চলসমূহত ব্যাপক হাৰত খোৱাপানীৰ নাটনি হৈছে৷ এনেদৰে গুৱাহাটী মহানগৰীত নীতিবহির্ভূতভাৱে ব’ৰিং কৰাৰ ফলত অস্বাভাৱিক হাৰত হ্রাস পাইছে ভূ–গর্ভৰ জলস্তৰ৷ ইয়াৰ ফলত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে মহানগৰবাসীয়ে হাহাকাৰ কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ গুৱাহাটী মহানগৰীৰ কাষেৰে ব্রহ্মপুত্র নদী বৈ যোৱাৰ পিছতো অস্বাভাৱিক হাৰত ভূ–গর্ভৰ জলস্তৰ হ্রাস পোৱাৰ বিষয়টো চিন্তাৰ কাৰণ হৈ পৰিছে৷ যদিহে এনেদৰে প্রতিবছৰে ভূ–গর্ভৰ জলস্তৰ হ্রাস পাই থাকে, তেন্তে কেইবছৰমানৰ ভিতৰতে মহানগৰীত বসবাস কৰা লোকসকল খোৱাপানীৰ বাবে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি নাম প্রকাশত অনিচ্ছুক জলব’ডৰ এগৰাকী বিষয়াই মন্তব্য কৰিছে৷
মহানগৰীত ব’ৰিং কৰিবলৈ হ’লে জলব’ড আৰু গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ অনুমতি ল’ব লাগে৷ কিন্তু একাংশ লোকে নীতি–নির্দেশনা উলংঘাৰে ব’ৰিং কৰি আহিছে৷ শেহতীয়াকৈ বিৰুবাৰীৰ শান্তিনগৰ পথত নীতিবহির্ভূতভাৱে অট্টালিকা নির্মাণ কৰি কেইজনমান বিল্ডাৰে অবৈধভাৱে ব’ৰিং কৰি অহা পৰিলক্ষিত হৈছে৷ বিল্ডাৰে অবৈধভাৱে ব’ৰিং কৰাৰ ফলত অঞ্চলটোৰ ভূ–গর্ভৰ জলস্তৰ হ্রাস পোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ বিৰুবাৰীৰ ৰাইজে অবৈধ ব’ৰিং বন্ধ কৰাৰ বাবে জিএমচি কর্তৃপক্ষ আৰু আৰক্ষীক মৌখিকভাৱে অভিযোগ দাখিল কৰিছে৷ কিন্তু পৌৰ নিগমৰ বিষয়া আৰু বিৰুবাৰী আৰক্ষী চকীৰ বিষয়াই বিল্ডাৰৰ সৈতে গোপন বুজাবুজি কৰি অবৈধভাৱে ব’ৰিং কৰাৰ লাইচেঞ্চ প্রদান কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ শীঘ্রে এই অঞ্চলটোত চলি থকা অবৈধ ব’ৰিঙৰ লগতে মহানগৰীৰ বিভিন্ন অঞ্চলত থকা অবৈধ ব’ৰিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰাৰ দাবী জনাইছে৷