মহানগৰীত কটকটীয়া নিৰাপত্তা বেষ্টনী প্রশাসনৰ
সমাগত স্বাধীনতা দিৱসক লৈ তৎপৰ কামৰূপ মহানগৰ জিলা আৰক্ষী–প্রশাসন
নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ সমাগত স্বাধীনতা দিৱস৷ ক’ৰোনা মহামাৰীৰ আতংকৰ মাজতেই দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱস উদ্যাপন কৰিবলৈ সমগ্র ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলা প্রশাসনে যাৱতীয় প্রস্তুতি প্রায় সম্পন্ন কৰি তুলিছে৷ স্বাস্থ্য বিভাগৰ নীতি–নিয়মৰ মাজেৰে দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱস পালনৰ বাবে কামৰূপ (ম) জিলা প্রশাসনে যাৱতীয় ব্যৱস্থা গ্রহণ কৰি মহানগৰবাসীৰ সহযোগ কামনা কৰিছে৷ স্বাধীনতা দিৱস উপলক্ষে আৰক্ষী–প্রশাসনে অন্যান্য বছৰৰ দৰে এইবেলি মহানগৰীত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে৷ স্বাধীনতা দিৱসৰ সময়ছোৱাত কোনো দুষৃকতিকাৰীয়ে যাতে কূটাঘাতমূলক কার্য সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে আৰক্ষী–প্রশাসনে মহানগৰীৰ ৰাজপথত চলাচল কৰা যান–বাহনত ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে৷ তদুপৰি মহানগৰীৰ চৌপাশে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ সমান্তৰালকৈ পাহাৰীয়া অঞ্চলত বিশেষ তালাচী অভিযান চলাইছে৷ স্বাধীনতা দিৱসৰ সময়ছোৱাত বিদ্রোহী সংগঠন তথা দুষৃকতিকাৰীয়ে যাতে কূটাঘাত সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে মহানগৰ আৰক্ষী প্রশাসনে মহানগৰীৰ সকলো থানা এলেকাত নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে৷ তদুপৰি বিভিন্ন থানা এলেকাৰ অন্তর্গত নাগৰিক সমিতিসমূহক স্বাধীনতাৰ প্রাক্মুহূর্তত আৰু অধিক সতর্ক হৈ থাকিবলৈ আৰক্ষী প্রশাসনে নির্দেশ দিছে৷ এইক্ষেত্রত যদি কোনো সন্দেহযুক্ত লোক অথবা সামগ্রী প্রত্যক্ষ কৰে তেন্তে ততাতৈয়াকৈ আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷ আৰক্ষীয়ে স্বাধীনতা দিৱস সুকলমে উদ্যাপন কৰিবলৈ বিশেষ গোট গঠন কৰি স্বাধীনতা দিৱসৰ সময়ছোৱাত প্রান্তে প্রান্তে অভিযান চলোৱাৰ সমান্তৰালকৈ মহানগৰীৰ পাহাৰীয়া আৰু বস্তি অঞ্চলসমূহত তীক্ষ্ণ নজৰ ৰখা বুলি মহানগৰ আৰক্ষীৰ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰে৷ ইপিনে, স্বাধীনতা দিৱস উপলক্ষে বহিঃৰাজ্যৰ পৰা অহা যাত্রীবাহী ৰে’লসমূহত ৰে’ল আৰক্ষীয়ে তন্নতন্নকৈ পৰীক্ষা কৰি থকা পৰিলক্ষিত হৈছে৷ তদুপৰি প্রতিগৰাকী যাত্রীৰ ট্রলী বেগ অথবা সামগ্রীসমূহ স্কেনাৰৰ সহায়ত পৰীক্ষা কৰাৰ ব্যৱস্থা গ্রহণ কৰিছে৷ ৰে’ল আৰক্ষীয়ে মহানগৰীৰ পল্টন বজাৰ, কামাখ্যা আৰু নিউ গুৱাহাটী ৰে’লৱে ষ্টেচনত স্নিফাৰ ডগৰ সহায়ত তালাচী চলোৱা দেখা গৈছে৷ ইয়াৰ সমান্তৰালকৈ নদী আৰক্ষীয়ে ব্রহ্মপুত্রৰ দুয়োপাৰে তীক্ষ্ণ নজৰ ৰখাৰ লগতে নাৱেৰে যাতে কোনো দুষৃকতিকাৰী গুৱাহাটী মহানগৰীত প্রৱেশ কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ আছে৷