নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহালী বাগিচাৰ গৌৰৱ দেশৰ বয়সিয়াল দঁতাল বিজুলী প্রসাদ

নিয়মীয়া বার্তা, ১৩ আগষ্টঃ বুধবাৰে বিশ্ব হস্তী দিৱস৷ ২০১২ চনৰ পৰা প্রতিবছৰে ১২ আগষ্টত সমগ্র বিশ্বই হাতীৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে বিশ্বৰ জনগণক সজাগতা কৰিবলৈ এই দিৱস  উদযাপন কৰি আহিছে৷

ভাৰতৰ ভিতৰতে বর্ষীয়ান পোহনীয়া হাতীটোৰ নাম বিজুলী প্রসাদ৷ বিজুলী প্রসাদ দেশৰ ঘৰচীয়া হাতীৰ ভিতৰত বয়োজ্যেষ্ঠ দঁতাল৷ বর্তমান এই হাতীটো আছে বিহালী সমষ্টিৰ অন্তর্গত উইলিয়ামছন গ্রুপৰ মেকলয়ড ৰাছেল কোম্পানীৰ বিহালী চাহ বাগিচাত৷ আজিৰ পৰা প্রায় আশী বছৰৰ পূর্বে বিহালী সংৰক্ষিত বনাঞ্চলৰ ৰঙাগড খণ্ডত উদ্ধাৰ হৈছিল এটি হাতী পোৱালি৷ সেই সময়ত বৰগাং চাহ  বাগিচাত থকা হাতীটো ব্রিটিছ চাহাবে নাম ৰাখিছিল বিজুলী প্রসাদ৷

হাতীটো হৈ পৰিছিল উইলিয়ামছন গ্রুপৰ মেকলয়ড ৰাছেল কোম্পানীৰ প্রতীক৷ ২০১৮ চনত বৰগাং চাহ বাগিচা আন এটা কোম্পানীক বিক্রী কৰাত হাতীটো বিহালী চাহ বাগিচালৈ হস্তান্তৰিত কৰে৷ বর্তমান হাতীটো বিহালী চাহ বাগিচা কর্তৃপক্ষই সম্পূর্ণ চোৱা–চিতা কৰি আহিছে৷ নিয়মিতভাৱে চিকিৎসা, খাদ্যপাতি যোগান ধৰি আহিছে৷ প্রতিবর্ষতে বিজুলী প্রসাদৰ স্বাস্থ্য পৰীক্ষা কৰি স্বাস্থ্যৰ প্রতিবেদন পঠিয়াব লাগে উইলিয়ামছন গ্রুপৰ মেকলয়ড ৰাছেল কোম্পানীলৈ৷

চাহ বাগিচা কর্তৃপক্ষই জানিবলৈ দিয়া মতে, প্রতিবছৰে হাতীটোৰ খাদ্য, চিকিৎসা, দুজন মাউতৰ বাবে প্রায় ৮ লাখ টকা খৰচ কৰি আহিছে বাগিচাখনৰ কর্তৃপক্ষই৷ বর্তমান হাতীটোৰ বয়স প্রায় ৮৬ বছৰ৷ কালি হস্তী দিৱসৰ দিনা বাগান কর্তৃপক্ষই পুৱাই হাতীটো গা ধুৱাই কাপোৰ পিন্ধাই গণেশ পূজা কৰি ফলমূল খাবলৈ দি বাগানত চৌদিশ পৰিভ্রমণ কৰি হস্তী দিৱস উদযাপন কৰে৷

বিজুলী প্রসাদ ওৰে জীৱন হৈ আছে মানুহৰ সংগী৷ মানুহৰ মৰম–চেনেহৰ মাজতেই জীৱনৰ সুদীর্ঘ দিন অতিক্রম কৰিছে হাতীটোৱে৷ সেয়েহে বিজুলী প্রসাদ এতিয়া মানুহৰ অতিকৈ আপোন৷

You might also like