নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ অটোচালকৰ দুর্বিষহ জীৱন–যাপন

শিক্ষিত নিবনুৱাৰ স্ব–নিয়োজন আঁচনিলৈ ভাবুকি

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ  ক’ৰোনা মহামাৰীৰ আতংকৰ সময়ছোৱাত সাধাৰণ লোকৰ লগতে মটৰ শ্রমিকসকল বিশেষভাৱে ক্ষতিগ্রস্ত হৈছে৷ গুৱাহাটী মহানগৰীৰ পদপথৰ ব্যৱসায়ীৰ পৰা উদ্যোগপতিলৈ লকডাউন তথা আনলক প্রক্রিয়াৰ সময়ছোৱাত বিশেষ সংকটৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে৷ সাধাৰণ শ্রমিকৰ লগতে দীঘলীয়া লকডাউনৰ মাজত মটৰ শ্রমিকসকলৰ জীৱিকা একপ্রকাৰ অচল হৈ পৰিছে৷ বিশেষকৈ গুৱাহাটী মহানগৰীত অটোৰিক্সা চলাই পৰিয়ালক পোহপাল দিয়া শিক্ষিত যুৱকসকল ক’ৰোনা কালত বিশেষভাৱে ক্ষতিগ্রস্ত হৈছে৷ দীর্ঘদিন ধৰি ৰাজপথত যান–বাহন চলাচলৰ নিষেধাজ্ঞাৰ লগতে যাত্রীৰ অভাৱত অটোৰিক্সা চালকসকলক জীৱিকা অচল হৈ পৰিছে৷ তদুপৰি পেট্র’ল–ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্রীৰ ঊর্ধ্বগামী মূল্যবৃদ্ধিয়ে অটোচালকসকলকে ধৰি অনান্য শ্রমিকসকলক জুৰুলা কৰিছে৷ ফলত বহুত অটোচালকে শেহতীয়াকৈ গুৱাহাটী মহানগৰীত ৰাজমিস্ত্রীৰ সহায়ক হিচাপে কাম কৰাৰ লগতে আন একাংশই পাচলি ব্যৱসায় কৰি পৰিয়াল চলাবলগীয়া হৈছে বুলি বৃহত্তৰ গুৱাহাটী অটোৰিক্সা সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক পৱিত্র কুমাৰ বৈশ্যই জানিবলৈ দিছে৷ ক’ৰোনা মহামাৰীৰ সময়ছোৱাত চৰকাৰে শ্রমিক–কৃষকসকল সকাহ দিয়াৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰিছে যদিও অটোৰিক্সা চালকসকলক এইসমূহ আঁচনিয়ে ঢুকি পোৱা নাই বুলি সমিতিৰ সম্পাদক বৈশ্যই ক্ষোভ প্রকাশ কৰে৷ ইতিপূর্বে শ্রম আয়ুক্তৰ কার্যালয়ত অটোচালকসকলৰ সাহায্যার্থে আবেদন জনাই তালিকা প্রস্তুত কৰি প্রেৰণ কৰা হৈছে যদিও আজিকোপতি কোনো এজন অটোচালকে চৰকাৰী সাহায্য পোৱা নাই বুলি তেওঁ জানিবলৈ দিছে৷ তদুপৰি গুৱাহাটী মহানগৰীত নীতি–বহির্ভূতভাৱে চলাচল কৰা ই–ৰিক্সাসমূহ অটোচালকৰ জীৱিকাত বিশেষভাৱে প্রভাৱ পেলোৱা বুলি তেওঁ উল্লেখ কৰে৷ উল্লেখ্য যে ১৯৬৯ চনত প্রয়াত মুখ্যমন্ত্রী শৰৎ চন্দ্র সিংহই ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলৰ সংস্থাপনৰ প্রতি লক্ষ্য ৰাখি শিক্ষিত নিবনুৱা স্বনিয়োজন আঁচনিৰ শুভাৰম্ভ কৰিছিল৷ সেই সময়ত স্নাতক ডিগ্রীধাৰী নিবনুৱাক অটোচালকৰ অনুজ্ঞাপত্র প্রদান কৰা হৈছিল যদিও পৰৱর্তী সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণসকলকো চৰকাৰে অনুজ্ঞাপত্র প্রদান কৰিছিল৷ সেই সূত্রে বর্তমান গুৱাহাটীত দহ হাজাৰ শিক্ষিত নিবনুৱাই অটো চলাই জীৱিকা চলাই আছে৷

You might also like