অন্ধকাৰ খাৰঘুলিৰ ৰাজপথত নাই ষ্ট্রীট লাইট; গুৱাহাটী পৌৰ নিগমৰ দায়িত্বজ্ঞানহীনতাত ৰাইজৰ দুর্ভোগ
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবেই মহানগৰীৰ বিভিন্ন পথ, উপ–পথ এতিয়াও অন্ধকাৰত নিমজ্জিত হৈ আছে৷ গুৱাহাটী পৌৰ নিগমে ৯ কোটি টকা ব্যয়েৰে মহানগৰীৰ মূল পথসমূহত ৫ হাজাৰ ষ্ট্রীট লাইট আৰু উপ–পথসমূহত ১০ হাজাৰ ষ্ট্রীট লাইট স্থাপন কৰাৰ কথা আছিল৷ ইতিমধ্যে পৌৰ নিগমে ২২টা ঠিকাদাৰী প্রতিষ্ঠানক মহানগৰীত ষ্ট্রীট লাইট স্থাপনৰ দায়িত্ব অর্পণ কৰিছে৷ জি এম চি কর্তৃপক্ষৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে বছৰৰ পিছত বছৰ ধৰি অন্ধকাৰত নিমজ্জিত হৈ আছে খাৰঘুলি৷ সদাব্যস্ত খাৰঘুলি–নুনমাটি সংযোগী পথটোত ষ্ট্রীট লাইট নথকাৰ বাবেই বৃদ্ধি পাবলৈ ধৰিছে অপৰাধমূলক কার্যকলাপ৷ খাৰঘুলি–নুনমাটি সংযোগী পথেৰে সদায় অহা–যোৱা কৰে ৰাজ্যৰ প্রভাৱশালী মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, কামৰূপ মহানগৰ জিলাৰ কেইবাগৰাকীও অতিৰিক্ত উপায়ুক্তৰ লগতে বহুকেইগৰাকী উচ্চপদস্থ চৰকাৰী বিষয়াই৷ ষ্ট্রীট লাইট নথকাৰ ফলতেই বিগত বর্ষত খাৰঘুলিত ড্রাগ্ছ আসক্ত যুৱকৰ হাতত অকালতে প্রাণ হেৰুৱাইছিল এজন লোকে৷
অন্ধকাৰৰ সুযোগ লৈ খাৰঘুলিত এতিয়াও নিশাৰ ভাগত দুর্বৃত্তই বহু লোকক ধনদাবীকে ধৰি বিভিন্ন অপৰাধমূলক কার্যকলাপ সংঘটিত কৰি আহিছে৷ ৰাজ্যৰ মন্ত্রী, উচ্চপদস্থ চৰকাৰী বিষয়াই বসবাস কৰা খাৰঘুলি অঞ্চলত বছৰৰ পিছত বছৰ ধৰি ষ্ট্রীট লাইট স্থাপন নকৰা বিষয়টোৱে পৌৰ নিগম কর্তৃপক্ষৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে৷ স্থানীয় ৰাইজে বহুবাৰ আবেদন–নিবেদন কৰাৰ পিছতো আজিলৈকে খাৰঘুলি–নুনমাটি সংযোগী পথত ষ্ট্রীট লাইট স্থাপন নহ’ল৷ গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যক সদাব্যস্ত খাৰঘুলি–নুনমাটি সংযোগী পথটোত শীঘ্রে ষ্ট্রীট লাইট স্থাপনৰ ব্যৱস্থা কৰিবলৈ অঞ্চলবাসীয়ে আহ্বান জনাইছে৷ লগতে নিশাৰ ভাগত খাৰঘুলি অঞ্চলত সংঘটিত হৈ অহা অপৰাধমূলক কার্যকলাপ ৰোধৰ ব্যৱস্থা কৰিবলৈ মহানগৰ আৰক্ষী প্রশাসনক ৰাইজে আহ্বান জনাইছে৷