মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সহযোগিতা বিচাৰি পত্র প্রেৰণ দেৱালয়ৰ দলৈ সমাজৰ
নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ ঐতিহ্যমণ্ডিত কামাখ্যা দেৱালয়ত অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মহোৎসৱ সূচাৰুৰূপে অনুষ্ঠিত কৰাৰ ক্ষেত্রত ৰাজ্যৰ বিত্ত তথা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সহযোগিতা বিচাৰিছে দলৈ সমাজে৷ কামাখ্যা দেৱালয়ৰ দলৈ সমাজৰ হৈ মোহিত চন্দ্র শর্মা আৰু কবিন্দ্র প্রসাদ শর্মাই মন্ত্রী ড০ শর্মালৈ প্রেৰণ কৰা এখন পত্রত উল্লেখ কৰে যে অহা ২২ জুনৰ পৰা আৰম্ভ হ’বলগীয়া অম্বুবাচী মহোৎসৱ কামাখ্যা দেৱালয়ত সম্পূর্ণ ধর্মীয় ৰীতি–নীতিৰে পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷
অৱশ্যে এই সময়ছোৱাত কামাখ্যা দেৱালয়ত সকলো সাধু–সন্যাসী আৰু দর্শনার্থীৰ প্রৱেশ বন্ধ কৰিব৷ অম্বুবাচী মেলা পৰিচালনাৰ সমগ্র বিষয়টো আলোচনা কৰিবলৈ দলৈ সমাজে বিত্ত, স্বাস্থ্য তথা গড়কাপ্টানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সাক্ষাতৰ অনুমতি বিচাৰি কালি এখন পত্র প্রেৰণ কৰিছে৷