গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড। এটা হোমষ্টেৰ পৰা এজন যুৱকক অপহৰণ কৰি ৫ লাখ টকা মুক্তিপণ দাবী কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ অভিযানত অৱশেষত উদ্ধাৰ কৰা হয় অপহৃত যুৱকজনক, লগতে গ্ৰেপ্তাৰ কৰা হয় চাৰিজনকৈ অপহৰণকাৰীক।
ঘটনাটো সংঘটিত হয় ২৬ মে’ৰ দুপৰীয়া প্ৰায় ১২ বজাত। হাতীগাঁৱৰ বিষ্ণুজ্যোতি পথৰ বাসিন্দা শ্বফিকুল হুছেইনৰ ভনীজোঁৱাই জুমান আহমেদ এখন হোমষ্টেৰ পৰা হঠাৎ নিখোজ হৈ পৰে। প্ৰথমে পৰিয়ালে বিষয়টো সাধাৰণ নিখোজ বুলি ভাবিছিল যদিও কিছু সময় পিছতেই আহে এক ভয়ংকৰ ফোনকল।
অভিযোগ অনুসৰি অপহৰণকাৰীয়ে জুমান আহমেদৰ মোবাইল ফোনৰ পৰাই পৰিয়ালক ফোন কৰি ৫ লাখ টকা মুক্তিপণ দাবী কৰে। লগতে টকা নিদিলে অপহৃত যুৱকজনক টুকুৰা টুকুৰ কৰি হত্যা কৰাৰ ভাবুকিও দিয়ে।
ফোনকল লাভ কৰাৰ পিছতে আতংকিত হৈ পৰে পৰিয়াল। লগে লগে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰা হয়। ঘটনাটোৰ গুৰুত্ব অনুধাৱন কৰি তৎপৰ হৈ উঠে হাতীগাঁও আৰক্ষী। পূব গুৱাহাটীৰ ডিচিপিৰ টেকনিকেল টীমৰ সহযোগত আৰম্ভ কৰা হয় এক বিশেষ অভিযান।
মোবাইল ট্ৰেকিং আৰু টেকনিকেল ইনপুটৰ ভিত্তিত আৰক্ষীৰ দল দৰং জিলাৰ মঙলদৈ অভিমুখে ৰাওনা হয়। ইফালে অপহৰণকাৰীয়ে অব্যাহত ৰাখে ভয়-ভাবুকি, যাৰ ফলত সময় যিমান আগবাঢ়ে সিমানেই বৃদ্ধি পায় উৎকণ্ঠা।
প্ৰায় ৫ৰ পৰা ৬ ঘণ্টাৰ অন্তত ছিপাঝাৰ আৰক্ষী থানা এলেকাত AS01BD-7724 নম্বৰৰ এখন ছুইফট বাহন সন্দেহবশতঃ আটক কৰে আৰক্ষীয়ে।
তাৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ কাণ্ডৰ ভয়ংকৰ সত্য। বাহনখনৰ ভিতৰৰ পৰাই জীৱন্ত অৱস্থাত উদ্ধাৰ কৰা হয় অপহৃত জুমান আহমেদক।
লগে লগে আৰক্ষীৰ জালত পৰে চাৰিজনকৈ অভিযুক্ত অপহৰণকাৰী — আবু ছালাম, আছাতুল্লা আলী, ৰোজামিল আলী, দালনুৰ হুছেইন।
বৰ্তমান সকলো অভিযুক্তক হাতীগাঁও আৰক্ষী থানাত জেৰা অব্যাহত আছে। অপহৰণ কাণ্ডটোৰ আঁৰত আন কোনো বৃহৎ চক্ৰ জড়িত আছে নেকি সেই দিশতো তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
ডিজিটেল ডেস্ক, ২৮ মে’