নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত চকলেট খুৱাই শিশুক অপহৰণৰ চেষ্টা; আৰক্ষীৰ জালত অভিযুক্ত

নিয়মীয়া বাৰ্তা, ২৩জানুৱাৰী: অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী৷ চুৰি–ডকাইতি, হত্যা, হিংসা আৰু অপহৰণকে ধৰি ধাৰাবাহিকভাৱে এটাৰ পাছত আনটো অপৰাধজনিত ঘটনা সংঘটিত হৈছে যদিও এনে অপৰাধ নিয়ন্ত্রণৰ ক্ষেত্রত মহানগৰ আৰক্ষী চূড়ান্ত ব্যর্থ হৈছে৷ বিশেষকৈ মহিলা আৰু শিশু মহানগৰীত মুঠেও সুৰক্ষিত নহয়৷ শনিবাৰে সন্ধিয়া মহানগৰীৰ দিছপুৰস্থিত ছুপাৰ মার্কেটত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়৷ মাতৃৰ সৈতে বজাৰলৈ অহা এটি ৫ বছৰীয়া কন্যা শিশুক এটা লম্পটে চকলেট খুৱাই অপহৰণৰ চেষ্টা চলোৱাক লৈ তীব্র চাঞ্চল্য সৃষ্টি হয়৷ অৱশ্যে মাতৃৰ তৎপৰতাত শিশুটি অপহৰণকাৰীৰ কবলৰ পৰা ৰক্ষা পৰে৷ ভুক্তভোগী মহিলাগৰাকীয়ে জানিবলৈ দিয়া মতে, সিদিনা সন্ধিয়া মহিলাগৰাকীয়ে নিজৰ কন্যা শিশুটিক লগত লৈ ছুপাৰ মার্কেটত বজাৰ কৰিবলৈ আহে৷ ছুপাৰ মার্কেটৰ এখন ফার্মাচীত ঔষধ ক্রয় কৰি থকাৰ সময়তে এজন অজ্ঞাত লোকে শিশুটিক মুখত বলপূর্বক চকলেট ভৰাই দিয়ে৷ এই ঘটনা প্রত্যক্ষ কৰি মাতৃয়ে অজ্ঞাত লোকজনক এনে কাম নকৰিবলৈ সকীয়াই দি ফার্মাচীৰ পৰা ওলাই আহে৷ মহিলাগৰাকীয়ে অহা অটোৰিক্সাখনত বহি চালকক ফোন কৰি থকাৰ সময়তে সেই লম্পটটোৱে পিছে পিছে আহি অটোৰিক্সাৰ খিৰিকীৰে মহিলাগৰাকীৰ লগতে শিশুটিক টানি বাহিৰলৈ উলিয়াই আনিবলৈ চেষ্টা কৰাত মহিলাগৰাকীয়ে চিঞৰ–বাখৰ কৰাত লম্পটটোৱে পলায়ন কৰে৷ ঘটনা সন্দর্ভত মহিলাগৰাকীয়ে স্বামীৰ লগতে পৰিয়ালক বিৱৰি কোৱাত পৰিয়ালৰ লোকে চিচি টিভিৰ ফুটেজ সংগ্রহ কৰি বিচাৰ–খোঁচাৰ কৰে যদিও তেওঁৰ সন্ধান উলিয়াব পৰা নাই৷ কিন্তু নিশা প্রায় ১০ বজাত পুনৰ সেই লম্পটটো মহিলাগৰাকীৰ বাসগৃহৰ সন্মুখত গৈ ঘূৰি ফুৰাত পৰিয়ালৰ লোকে আটক কৰি দিছপুৰ আৰক্ষীক গতাই দিয়ে৷ ঘটনা সন্দর্ভত মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দিছপুৰ থানাত এটা গোচৰ ৰুজু কৰি লম্পটটোক সোধা–পোছা অব্যাহত ৰাখিছে৷ আটকাধীন অপহৰণকাৰীটোৱে নিজকে অভিজিৎ সেন গুপ্তা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে যদিও তেওঁৰ প্রকৃত ঠিকনা উলিয়াব পৰা নাই৷

You might also like