নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া গামোচাৰ পাছত মার্চ মাহৰ ভিতৰতে বড়ো জনগোষ্ঠীৰ আৰনায়েও পাব জি আইৰ টেগ

নিয়মীয়া বাৰ্তা, ২৩জানুৱাৰী: অসমীয়া গামোচাই জিঅ’গ্রাফিকেল ইণ্ডিকেচন (জি আই) টেগ লাভ কৰাৰ পাছত অসমবাসীলৈ আন এক সুখবৰ আহিছে৷ এই সুখবৰ হ’ল মার্চ মাহৰ ভিতৰতে বড়ো জনগোষ্ঠীৰ আৰনায়েও লাভ কৰিব জি আই টেগ৷ আজি এই তথ্য প্রকাশ কৰিলে হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ মন্ত্রী উর্খাও গৌৰা ব্রহ্মই৷ স্বনির্ভৰশীল নাৰী শীর্ষক এক আঁচনি মুকলি কৰি মন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি বড়ো জনগোষ্ঠীৰ আৰনায়ে জি আই টেগ লাভ কৰাৰ বাবে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ পৰিকল্পনা অনুযায়ী সকলো ঠিকে–ঠাকে থাকিলে আগন্তুক মার্চ মাহৰ ভিতৰতে আৰনায়ে জি আই টেগ লাভ কৰাটো নিশ্চিত৷

মন্ত্রীগৰাকীয়ে ইয়াকো স্পষ্ট কৰে গামোচা আৰু আৰনাইৰ উপৰি অসমৰ থলুৱা আটাইবোৰ বস্ত্রতে যাতে জি আই টেগ লগাব পৰা যায়, তাৰ বাবে বিভাগে চেষ্টা চলাই আছে৷ জি আই টেগ লাভৰ পাছত বহিঃৰাজ্যৰ পৰা অসমলৈ গামোচা অহা বন্ধ হ’ব৷ ৰাজ্যৰ বাহিৰত অসম চৰকাৰে নিজাববীয়াকৈ গামোচা বোৱাৰ বাবে ব্যৱস্থা গ্রহণ কৰিব পাৰিব৷ আৰু এইক্ষেত্রত কেন্দ্রীয় চৰকাৰেও ৰাজ্য চৰকাৰক সহায় কৰিব৷ অসমৰ শিপিনীসকলে বোৱা গামোচা তথা আৰনায়ে জি আই টেগ লাভ কৰিলে শিপিনীসকলেও উচিত মূল্য লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে৷

মন কৰিবলগীয়া যে অসমীয়া গামোচাই জি আই টেগ লাভ কৰাৰ বাবে বিগত সময়ছোৱাত যথেষ্ট চর্চা তথা বিতর্ক চলিছিল৷ এনে চর্চা আৰু বিতর্কক একাষৰীয়া কৰি ২০১৭ চনৰ ১৬ অক্টোবৰত অসমীয়া গামোচাই জি আই টেগ লাভ কৰিবলৈ সক্ষম হৈছে৷ গোলাঘাট জিলাৰ হস্তশিল্প বিকাশ প্রতিষ্ঠানৰ দ্বাৰা অসমীয়া গামোচাৰ বাবে জি আই টেগৰ আবেদন কৰা হৈছিল৷

You might also like