মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা প্ৰাইড ইষ্টৰ চিএমডি ৰিণিকি ভূঞা শৰ্মাই দাখিল কৰা গোচৰৰ ভিত্তিত জেৰাৰ বাবে জাৰি কৰা চমন অনুসৰি শুকুৰবাৰে ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ কথা আছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেড়াৰ। কিন্তু পূৰ্বনিৰ্ধাৰিত জাননী থকাৰ পিছতো তেওঁ তদন্তকাৰী সংস্থাৰ সন্মুখত উপস্থিত নহ’ল।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে জনোৱা মতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এক বিশেষ দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া হোৱাৰ বাবে পৱন খেড়াই ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ’ব নোৱাৰিলে। বৰ্তমান তেওঁ দিল্লীত দলীয় দায়িত্বত ব্যস্ত থকাৰ বাবেই অসমলৈ আহিব পৰা নাই বুলি দলটোৱে স্পষ্ট কৰিছে।
উল্লেখযোগ্য যে এইটোৱেই প্ৰথমবাৰ নহয়। ইয়াৰ পূৰ্বেও ক্ৰাইম ব্ৰাঞ্চে নিৰ্ধাৰণ কৰা দুটা গুৰুত্বপূৰ্ণ তাৰিখত জেৰাৰ বাবে হাজিৰ হোৱা নাছিল পৱন খেড়া। ফলত তদন্ত প্ৰক্ৰিয়াক লৈ পুনৰ ৰাজনৈতিক চৰ্চা তীব্ৰ হৈ পৰিছে।
ডিজিটেল ডেস্ক, ১৭ জুলাই