নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন উলংঘা: পাণবজাৰ থানাত গোচৰ ৰুজু–১০জনক আটক

নিয়মীয়া বাৰ্তা,  ৭ মে’ : লকডাউন উলংঘাৰে মহানগৰীৰ ৰাজপথত ঘূৰি ফুৰা ১০ জন লোকক পাণবজাৰ আৰক্ষীয়ে আটক কৰে৷ আটকাধীন লোককেইজন ক্রমে মকবুল আহমেদ, অর্জুন শ্বাহ, দীপালী মিশ্র , ছাহাৰা খাতুন, তছিৰন বেগম, ৰংমালা বেগম, ছাইৰুদ্দিন আলী, সুৰেশ গোৱালা, পৱন কুমাৰ শ্বাহ আৰু ৰঞ্জন সিং বুলি জানিব পৰা গৈছে৷

আৰক্ষী সূত্রে জানিব পৰা মতে মাস্ক পৰিধান নকৰাৰ উপৰি সামাজিক দূৰত্বক ভেঙুচালি কৰি মহানগৰীৰ পাণবজাৰ থানাৰ বিভিন্ন অঞ্চলত লোককেইজন ঘূৰি ফুৰিছিল৷ আৰক্ষীয়ে লোককেইজনক আটক কৰাৰ লগতে ঘটনা সন্দর্ভত পৃথকে পৃথকে তিনিটা গোচৰ ৰুজু কৰি ধৃত লোককেইজনক জেল হাজোতলৈ প্রেৰণ কৰা বুলি জানিব পৰা গৈছে৷

You might also like