নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকআপৰ আলহী হ’ল গোৱর্ধনৰ পঞ্চাশোর্ধৰ ব্যক্তি

ছাগলীয়ে জলকীয়া গছ খোৱাক কেন্দ্র কৰি যুৱতীক অশালীন ব্যৱহাৰ

নিয়মীয়া বাৰ্তা ২৪ আগষ্টঃ  ছাগলীয়ে জলকীয়া গছ খোৱাক কেন্দ্র কৰি এগৰাকী যুৱতীক অশ্লীল ব্যৱহাৰ কৰা বাবে পিতৃসম লোক এজন লকাপৰ আলহী হ’বলগীয়া এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে চন্দ্রপুৰৰ গোৱর্ধনত৷ অৱশ্যে কন্যাসম যুৱতীৰ সন্মুখত বৰমতা দেখুওৱা পঞ্চাশোর্ধৰ লোকজনে আৰক্ষীয়ে আটক কৰাৰ পিছত নিজৰ দোষ স্বীকাৰ কৰি ভৱিষ্যতে তেনে কাম কৰাৰ পৰা বিৰত থকাৰ লিখিত প্রতিশ্রুতি দিয়াৰ অন্তত যুৱতীৰ পৰিয়ালৰ সন্মতি সাপেক্ষে মুকলি কৰি দিয়ে লোকজনক৷ ঘটনাৰ বিৱৰণী অনুসৰি প্রাগজ্যোতিষপুৰ থানাৰ অন্তর্গত নিজ গোৱর্ধনৰ এটা পৰিয়ালৰ ছাগলীয়ে শুকুৰবাৰে কার্তিক বর্মন নামৰ লোকজনৰ বস্তিত সোমাই জলকীয়া গছ খায়৷ ইয়াৰ গইনা লৈ পঞ্চাশোর্ধৰ লোকজনে ছাগলীৰ গৰাকী পৰিয়ালৰ যুৱতীগৰাকীক অশ্লীল ভাষাৰে অকথ্য গালি–গালাজ কৰে৷ কেৱল গালি পৰাই নহয়, পিতৃসম লোকজনে যুৱতীগৰাকীক ধর্ষণ কৰাৰো ভাবুকি দিয়ে৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত লোকজনক আটক কৰে৷ আৰক্ষীৰ জেৰাত লোকজনে নিজৰ দোষ স্বীকাৰ কৰি পুনৰ এনে কাণ্ড সংঘটিত নকৰাৰ লিখিত প্রতিশ্রুতি প্রদান কৰাত দুয়োপক্ষৰ বুজাবুজিৰ ভিত্তিত আৰক্ষীয়ে লোকজনক এৰি দিয়ে৷

You might also like