এম কে বাৰত চলিছে অসামাজিক কার্যকলাপ
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীৰ একাংশ বাৰ আৰু ৰেষ্টুৰেণ্টত দীর্ঘদিন ধৰি অসামাজিক কার্যকলাপ চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ শেহতীয়াকৈ পল্টনবজাৰস্থিত বহু বিতর্কিত এম কে বাৰত অসামাজিক কার্যকলাপ চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱতীয়ে৷ অভিযোগ অনুসৰি বহু বিতর্কিত এম কে বাৰৰ স্বত্বাধিকাৰী ত্রিদীপ বিশ্বাসে একাংশ যুৱতীক উক্ত বাৰখনৰ গ্রাহকৰ লগত সুৰাপান কৰিবলৈ বাধ্য কৰোৱাৰ লগতে পল্টনবজাৰৰ ‘গীতাঞ্জলি’ নামৰ হোটেলখনত অসামাজিক কার্যকলাপত লিপ্ত কৰাই আহিছে৷ ত্রিদীপ বিশ্বাসৰ নির্দেশ অমান্য কৰিলে এই যুৱতীসকলক মাৰপিট কৰাৰো অভিযোগ কৰিছে ভুক্তভোগী যুৱতীয়ে৷
পল্টনবজাৰ আৰক্ষী আবকাৰী বিভাগৰ একাংশ অসাধু বিষয়াক মেনেজ কৰি দীর্ঘদিন ধৰি ত্রিদীপ বিশ্বাসে এম কে বাৰত অসামাজিক কার্যকলাপ চলাই আহিছে৷ বহু বিতর্কিত বাৰখনত চলা অসামাজিক কার্যকলাপৰ বাবেই আবকাৰী বিভাগে কেইবাবাৰো বাৰখনৰ লাইচেন্স কর্তন কৰিছে৷ কিন্তু আবকাৰী বিভাগৰ একাংশ অসাধু বিষয়াক মেনেজ কৰি পুনৰ বাৰৰ লাইচেন্স উলিয়াই এম কে বাৰত ত্রিদীপ বিশ্বাসে মুকলিকৈ চলাইছে অসামাজিক কার্যকলাপ৷ এই বাৰখনৰ বিৰুদ্ধে আবকাৰী বিভাগ আৰু আৰক্ষীয়ে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷