নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালিগাঁও–গুৱাহাটী ক্লাব–হাতীগাঁও বাক্রাপাৰাত চিআইটিইউৰ উত্তাল প্রতিবাদ

নিয়মীয়া বাৰ্তা ১৭ জুনঃ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত কর্মৰত গৃহকর্মীসকলক ক’ভিড পৰিস্থিতিৰ সময়ছোৱাত এককালীন সাহায্য প্রদানৰ লগতে অন্যান্য সমস্যা সমাধানৰ দাবীত আজি মহানগৰীৰ বিভিন্ন স্থানত গৃহকর্মী মহিলাসকলে প্রতিবাদ সাব্যস্ত কৰে৷ চি আই টি ইউৰ ভগ্ণী সংগঠন সদৌ গুৱাহাটী গৃহকর্মী ইউনিয়ন আৰু গৃহকর্মী অধিকাৰ সুৰক্ষা সমিতিৰ যৌথ উদ্যোগত মহানগৰীৰ মালিগাঁও চাৰিআলি, হাতীগাঁৱৰ শংকৰ পথ, গুৱাহাটী ক্লাবৰ লগতে বশিষ্ঠৰ বক্রাপাৰাত বুধবাৰে শতাধিক (মহিলা) গৃহকর্মীয়ে ক’ভিড বিধি মানি হাতে হাতে বিভিন্ন দাবীসম্বলিত বেনাৰ, প্লেকার্ড লৈ প্রতিবাদ সাব্যস্ত কৰে৷

আন্তর্জাতিক গৃহকর্মী দিৱসৰ লগত সংগতি ৰাখি গ্রহণ কৰা এই প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি ইউনিয়নৰ সভাপতি বীৰেন শর্মা আৰু সম্পাদিকা আম্বালিকা শর্মাই কয় যে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত কর্মৰত গৃহকর্মীসকল দীর্ঘদিন ধৰি প্রাপ্যৰ পৰা বঞ্চিত৷ ক’ৰোনা মহামাৰীৰ সময়ছোৱাত একাংশ গৃহকর্মীক গৃহস্থই কামৰ পৰা অব্যাহতি দিছে৷

ফলত দৈনিক শ্রমদান কৰি পৰিয়াল পোহপাল দিয়া গৃহকর্মীসকল জুৰুলা হৈ পৰিছে৷ ইয়াৰ সমান্তৰালকৈ ৰাজ্যত বৃদ্ধি হোৱা অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ লোকৰ লগতে গৃহকর্মীসকলৰ জীৱিকা একপ্রকাৰ অচল হৈ পৰিছে৷ সেয়েহে গৃহকর্মীসকলক এককালীন পাঁচ হাজাৰ টকা সাহায্য প্রদানৰ লগতে গৃহকর্মীসকলৰ সুৰক্ষা, গৃহকর্মীসকলৰ নূ্যনতম মজুৰি পুনৰ নির্ধাৰণৰ দাবী জনায়৷ তদুপৰি গৃহকর্মীসকলৰ পেন্সন, চিকিৎসা আৰু তেওঁলোকৰ ল’ৰা–ছোৱালীৰ শিক্ষা সাহায্যকে ধৰি প্রস্তাৱিত গৃহকর্মী কল্যাণ আঁচনি শীঘ্রে ৰূপায়ণৰ দাবী জনায়৷

You might also like