নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পার্লাৰত নাথাকে সুকীয়া চেম্বাৰ মহিলাই কৰিব নোৱাৰিব পুৰুষৰ থেৰাপী

নিয়মীয়া বাৰ্তা ১৫ নৱেম্বৰঃ গুৱাহাটী মহানগৰীত এটা অসাধু চক্রই জিএমচিৰ নীতি–নির্দেশনা উলংঘাৰে ইউনিছেক্স স্পা–বিউটী পার্লাৰ, চেলুনৰ ব্যৱসায় চলাই আহিছে৷ দীর্ঘদিন ধৰি মহানগৰীৰ ইউনিছেক্স স্পা, চেলুন, পার্লাৰত এই চক্রটোৱে অসামাজিক কার্যকলাপ চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ মহানগৰ আৰক্ষীয়েও স্পা, চেলুন, পার্লাৰত অভিযান চলাই অসামাজিক কার্যকলাপ চলি থকাৰ তথ্য লাভ কৰাৰ লগতে পুৰুষ–মহিলাসহ কেইবাজনকো হাতে–লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে৷ পৌৰ নিগমৰ একাংশ অসাধু বিষয়া আৰু আৰক্ষীৰ ছত্রছায়াত চলি থকা স্পা, চেলুনৰ ব্যৱসায়ৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই কঠোৰ স্থিতি গ্রহণ কৰিছে৷ পৌৰ আয়ুক্ত দেৱাশিস শর্মাই কালি এটা নির্দেশনাযোগে স্পা, পার্লাৰ, চেলুনৰ ব্যৱসায় চলাই অহাৰ ক্ষেত্রত নির্দেশনা জাৰি কৰে৷

নির্দেশনাটোত উল্লেখ কৰা অনুসৰি, এতিয়াৰে পৰা ইউনিছেক্স পার্লাৰ, চেলুন, স্পা আদি খুলিবলৈ ট্রেড লাইচেঞ্চ লোৱাৰ ক্ষেত্রত কঠোৰ কেতবোৰ নীতি–নিয়ম মানিব লাগিব ব্যৱসায়ীসকলে৷ নির্দেশনাটোত উল্লেখ কৰা অনুসৰি, ইউনিছেক্স পার্লাৰত কোনো বিশেষ একচেটিয়া চেম্বাৰ থাকিব নোৱাৰিব৷ পার্লাৰ, স্পাৰ মুখ্য দুৱাৰ বাহিৰৰ পৰা ভিতৰলৈ দেখাকৈ নির্মাণ কৰিব লাগিব৷ যোগ্যতাসম্পন্ন আৰু প্রশিক্ষণপ্রাপ্ত থেৰাপিষ্টকহে স্পা বা চেলুন কর্তৃপক্ষই নিযুক্তি দিব পাৰিব৷ ইউনিছেক্স স্পা অথবা চেলুনত বিপৰীত লিংগৰ দ্বাৰা থেৰাপী কৰিব নোৱাৰিব৷ যিবোৰ স্পা–চেলুনত ষ্টীমবাথ ল’ব পৰাৰ সুবিধা আছে, তাত কোনো কাৰণতে বিপৰীত লিংগই সহায় কৰিব নোৱাৰিব৷ স্পা–চেলুনলৈ অহা লোকসকলৰ নাম আৰু ফোন নম্বৰ ব্যৱসায়ীসকলে ৰেজিষ্ট্রাৰত সংগ্রহ কৰাটো বাধ্যতামূলক৷ যদিহে পৌৰ নিগমে জাৰি কৰা এই নীতি–নির্দেশনা অমান্য কৰে, আইন অনুসৰি ব্যৱস্থা গ্রহণ কৰিব পৌৰ নিগম কর্তৃপক্ষই৷

You might also like