নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমাহত আবকাৰীৰ ২১০টা গোচৰ ৰজু, ৩১জনক জে’ললৈ

নিয়মীয়া বাৰ্তা ২ আগষ্টঃ ক’ভিড–১৯ৰ গণ সংক্রমণত সুৰাৰ ভাতীসমূহে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে বুলি চিকিৎসা বিজ্ঞানীসকলে মত ব্যক্ত কৰাৰ পিছতে যোৱা জুন মাহৰ শেষৰ ফালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগক অবৈধ সুৰাৰ ভাতী উচ্ছেদ কৰিবৰ কঠোৰ নির্দেশ জাৰি কৰিছিল৷ মুখ্যমন্ত্রীৰ নির্দেশৰ পিছতে ৰাজ্যৰ আন আন জিলাৰ লগতে কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগেও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ নির্দেশনাত সময়ে সময়ে দেশী–বিদেশী অবৈধ সুৰাৰ ভাতীসমূহত উচ্ছেদ অভিযান আৰম্ভ কৰে৷

আবকাৰী সূত্রই সদৰী কৰা অনুসৰি, মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ–আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নেতৃত্বত গুৱাহাটী সদৰ আবকাৰী চক্রকে ধৰি জিলাখনৰ আবকাৰী চক্র পৰিদর্শকৰ কার্যালয়ে জুলাই মাহটোত ৫৬টা অভিযান চলায়৷ অভিযানত আবকাৰী আইনৰ অধীনত মুঠ ২১০টা গোচৰ ৰজু কৰাৰ লগতে হাতে–লোটে ধৰা পৰা ৩১জন সুৰা বিক্রেতাক আদালতৰ জৰিয়তে জে’ললৈ প্রেৰণ কৰা হয়৷

You might also like