নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাকত ড্রপ কেনেকৈ দিব

নাক বন্ধ– একেবাৰে সাধাৰণ সমস্যা৷ বছৰত দুই–তিনিবাৰ সকলো মানুহৰে হয়৷ সাধাৰণতে ঋতু পৰিৱর্তনৰ সময়ত, শীতৰ আগমনৰ লগে লগে ঠাণ্ডা লাগিলে নাক বন্ধ হোৱা দেখা যায়৷ আমাৰ নাকৰ ভিতৰত দুটা প্রকোষ্ঠ থাকে৷ সেই প্রকোষ্ঠ দুটা হাডেৰে ভাগ কৰা থাকে৷ তাৰ ওপৰত শ্লৈমিক পর্দা থাকে৷ এই শ্লৈমিক পর্দাৰ বিভিন্ন স্তৰত তেজ চলাচল কৰিবলৈ বিভিন্ন গ্রন্থি, ৰক্তজালক, আর্টাৰী ওল, কেপলাৰি ইত্যাদি থাকে৷ এই ৰক্তজালকৰ সংকোচন–প্রসাৰণ নিয়ন্ত্রণ কৰে বিভিন্ন ধৰণৰ স্নায়ুগুচ্ছ অটোনমিক নার্ভবোৰে৷ ছিমপেথেটিক নার্ভৰ কাৰণে সংকোচন হয়৷ কোনো কাৰণত এই কার্য সম্পাদন নহ’লে শ্লৈমিক পর্দাৰ ৰক্তজালকবোৰো প্রসাৰিত হৈ নাক বন্ধ হৈ যায়৷ ঠাণ্ডা লাগি শীতকালি নাক বন্ধ হোৱাৰ ই অন্যতম কাৰণ৷
ঠাণ্ডা লাগিলে নানাধৰণৰ ভাইৰাছৰ সংক্রমণ হয়, যাৰ ফলত নাকৰ ভিতৰৰ পর্দা ৰক্তত অক্সিজেন সঞ্চালন কম হয়৷ ইয়াকে ইছকেমিক ষ্টেজ বুলি কয়৷ এই ষ্টেজত নাক বন্ধ, হাঁচি, নাক জ্বলা ইত্যাদি হয়৷ এই সমস্যাত কেইঘণ্টামানৰ পিছত নাকৰ পৰা পানী ওলায় আৰু জ্বৰ জ্বৰ ভাব হয়৷ এই পর্যায়ক হাইপেৰিমিক ষ্টেজ বোলে৷ এই সময়ত নাকৰ শ্লৈমিক পর্দা ফুলি উঠে৷ ইয়াৰ পিছতে হয় ছেকেণ্ডাৰী ইনফেকচন ষ্টেজ৷ বীজাণু সংক্রমণৰ ফলত নাকত চর্দি দেখা যায়৷ ইয়াৰ পিছত অৱশ্যে উপসর্গবোৰ কমি আহে৷ যাক কোৱা হয় ষ্টেজ অৱ ৰেচুলেচন৷ ঠাণ্ডাজনিত কাৰণত নাক বন্ধ হোৱাৰ সময়ত ইনফ্লুয়েঞ্জাৰ সকলো উপসর্গই দেখা যায়৷
ইয়াৰ বাহিৰেও এলার্জীৰ কাৰণে বাৰে বাৰে নাকৰ প্রদাহ, পলিপ, ছাইনাছাইটিছ, টিউমাৰ, ডিঙি–নাকৰ প্রদাহ আদিৰ কাৰণেও নাকৰ প্রদাহ হ’ব পাৰে৷ ভাচোমোটৰ ৰাইনাইটিছ নামৰ এটা ৰোগত নাকৰ পৰা সকলো সময়তে পানী ওলায়, কিন্তু চর্দি নহয়৷ এই সমস্যাতো নাক বন্ধ হয়৷ শিশুসকলে যিকোনো দ্রব্য কেতিয়াবা সুমুৱাই দিয়ে৷ সুগন্ধি দ্রব্যৰ গোন্ধ লৈ থাকোঁতে নাকত সোমাই যায়৷ উদাহৰণ স্বৰূপে নেপথেলিন বলৰ কথা ক’ব পাৰি৷
এটা কথা মনত ৰখা উচিত যে যি কাৰণতেই নাক বন্ধ নহওক কিয়, প্রকৃত কাৰণ জানিবলৈ চিকিৎসা কৰিব লাগে৷ প্রথম পর্যায়ত নাকৰ ড্রপ দুই–তিনিবাৰ দিয়া যাব পাৰে৷ কিন্তু দীর্ঘদিন নাকৰ ড্রপ ব্যৱহাৰ কৰাটো স্বাস্থ্যসন্মত নহয়৷ শীতকালত ঠাণ্ডা লাগি নাক বন্ধ হ’লে নাকৰ ড্রপ, গৰম পানীৰ ভাপ আৰু এলার্জীৰ ঔষধ খালেও আৰাম পোৱা দেখা যায়৷ কিন্তু ঘনাই এই সমস্যা হ’লে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিব লাগে৷ ঔষধৰ বজাৰত বিভিন্ন ধৰণৰ নাকৰ ড্রপ সহজতে পোৱা যায়৷ এইবোৰৰ মূল উপাদান ছ’ডিয়াম ক্রোমোগ্লাইমেট, অক্সিমেটাজলিন, নাফাজলিন, জাইলোমেটাজলিন ইত্যাদি৷ এই ঔষধবোৰে নাকৰ শ্লেমাৰ প্রসাৰিত ৰক্তজালিকা সংকুচিত কৰি বন্ধ নাক সাময়িকভাৱে খুলি দিয়ে৷ দীর্ঘদিন ধৰি এইবোৰ ব্যৱহাৰ কৰিলে নাক খোল খোৱাৰ বিপৰীতে ক্ষতিহে হয়৷
দীর্ঘদিন নাকৰ ড্রপ ব্যৱহাৰ কৰিলে সাধাৰণ ছেলাইন ড্রপ ব্যৱহাৰ কৰা উচিত, বিশেষকৈ শিশুৰ ক্ষেত্রত৷ তথাপি নাক বন্ধৰ প্রকৃত কাৰণ জানিবলৈ চিকিৎসাৰ প্লেনিং কৰা উচিত৷ কিয়নো নাক বন্ধৰ কাৰণ ক্র’নিক ছাইনাছাইটিছ হ’লে ছাইনাছাইটিছ ডিজিটেল এক্সৰে’ আৰু এণ্ডোস্ক’পী কৰি ৰোগৰ চিকিৎসা কৰা প্রয়োজন৷ কেতিয়াবা এই ৰোগত অস্ত্রোপচাৰ কৰিব লাগে৷ এলার্জী টেষ্ট কৰিলে এলার্জীৰ কাৰণে হোৱা নাক বন্ধ ধৰা পৰে৷ যিটো ঔষধত আৰোগ্য হয়, নাকত পলিপ বা টিউমাৰ হ’লে অস্ত্রোপচাৰ কৰিব লাগে, মুঠৰ ওপৰত দীর্ঘদিন নাকৰ ড্রপ ব্যৱহাৰ কৰাটো স্বাস্থ্যসন্মত কথা নহয়, চিকিৎসকৰ পৰামর্শ ল’ব লাগে৷

You might also like