নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱকৰ পেটত হেডফোন, অস্ত্ৰোপচাৰ কৰি কি ক’লে চিকিত্‍সকে?

নিয়মীয়া বাৰ্তা, ৬জুনঃ অসম দেশৰ বিষম কথা। মহানগৰীৰ এখন চিকিত্‍সালয়ত এক ব্যতিক্ৰমী অস্ত্ৰোপ্ৰচাৰ। পেটৰ বিষত চটফটাই থকা এজন লোকৰ ইউৰেনেৰী ব্লাডাৰত ওলাল এডাল ম’বাইলৰ হেডফোনৰ কেবল।

উল্লেখযোগ্য যে প্ৰায় ৩০ বছৰীয়া এজন লোকে প্ৰায় দুই মিটাৰ দীঘল কেবল ডাল মুখত লৈ থাকোতে হঠাত্‍ পেটলৈ গুচি যায় বুলি চিকিত্‍সকৰ আগত কয়। পিছত চিকিত্‍সকে লোকজনৰ স্বাস্থ্য পৰীক্ষা কৰে যদিও  ‘পাচন নলীত’ একো ধৰা নপৰে। কিন্তু পিছত যেতিয়া এক্স ৰে’ কৰা হয়, তেতিয়াহে মূত্ৰনলীত ধৰা পৰে এডাল ‘হেডফোন’। লগে লগে লোকজনে যে মুখেৰে নহয়, নিজৰ ‘যৌনাংগৰেহে কেবল ডাল সুমুৱাইছিল সেই কথা পোহৰলৈ আহে। 

শল্য চিকিত্‍সক ডাঃ ৱালিউল ইছলামে কয় যে লোকজনে মুখেৰে ভুলবশতঃ চাৰ্জাৰ ডাল সোমাই গৈছিল বুলি কৈছিল কিন্তু যৌনাংগৰেহে সেয়া সুমুৱাই দিছিল।’ ২৫ বছৰীয়া শল্য চিকিত্‍সাৰ অভিজ্ঞতাত এনে ঘটনাৰ সৈতে প্ৰথমবাৰৰ বাবে মুখামুখি হৈছে বুলি মন্তব্য কৰে চিকিত্‍সক ডাঃ ৱালিউল ইছলামে।

You might also like