নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে গুৱাহাটীৰ ৰাজপথত চলিব গুলপীয়া বাছ, বিনামূলীয়া হ’ব যাত্ৰা

নিয়মীয়া বার্তা, ২০ নৱেম্বৰঃ শীঘ্রে গুৱাহাটীৰ ৰাজপথত চলিব গুলপীয়া বাছ৷ ৰাজ্য চৰকাৰৰ ভ্রমণ সাৰথি আঁচনিৰ অধীনত গুৱাহাটীৰ ৰাজপথত মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ যাতায়াতৰ সুবিধার্থে অসম ৰাজ্যিক পৰিবহণ নিগমে সম্পূর্ণ বিনামূলীয়াকৈ আগবঢ়াব এই বাছসেৱা৷ ইতিমধ্যে অসম ৰাজ্যিক পৰিবহণ নিগমে গুলপীয়া বাছ চলাচলৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷

সকলো ঠিকে–ঠাকে থাকিলে অহা ডিচেম্বৰৰ শেষৰ সপ্তাহতে গুৱাহাটী মহানগৰীৰ ৰাজপথত মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে পৰিবহণ বিভাগে এই সেৱা আগবঢ়াবলৈ সক্ষম হ’ব বুলি পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে এই কথা জানিবলৈ দিছে৷ তেওঁ লগতে কয় যে গুৱাহাটীৰ ৰাজপথত প্রথমতে ২৫খন গুলপীয়া বাছ মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ সুবিধার্থে মুকলি কৰি দিয়া হ’ব৷

পৰৱৰ্তী সময়ত বাছৰ সংখ্যা বঢ়োৱাৰো ইংগিত দিয়ে৷ পৰিবহণ নিগমৰ অধ্যক্ষ ভট্টৰায়ে৷ গুৱাহাটীৰ ৰাজপথত চলাচল কৰিবলগীয়া এই গুলপীয়া বাছসমূহৰ চালক আৰু কনডাক্টৰ হিচাপে মহিলাক নিযুক্তি দিয়া হ’ব৷ তদুপৰি বাছসমূহত অত্যাধুনিক সুবিধা থাকিব বুলি পৰিবহণ নিগমৰ অধ্যক্ষ ভট্টৰায়ে জানিবলৈ দিছে৷ ইতিমধ্যে পৰিবহণ নিগমে ৰাজপথত চলিবলগীয়া ২৫ খন বাছ প্রায় সম্পূর্ণৰূপে সাজু কৰি তুলিছে৷

অৱশ্যে ইয়াৰ পূর্বেই এই বাছসমূহ গুৱাহাটীৰ ৰাজপথত চলাচলৰ বাবে উদ্যোগ গ্রহণ কৰা হৈছিল যদিও ক’ভিড–১৯ মহামাৰীৰ বাবেই গুলপীয়া বাছ চলাচলৰ ক্ষেত্রত কিছু বিলম্ব হোৱা বুলিও অশোক ভট্টৰায়ে জানিবলৈ দিছে৷ উল্লেখ্য যে বাজেট অধিৱেশনত অসম চৰকাৰৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুৱাহাটী মহানগৰীত ভ্রমণ সাৰথি আঁচনিৰ অধীনত মহিলা আৰু জ্যেষ্ঠ নাগৰিকসকলৰ যাতায়াতৰ সুবিধার্থে গুলপীয়া বাছ চলাচলৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰিছিল৷

ৰাজ্য চৰকাৰৰ নির্দেশ মর্মে অসম ৰাজ্যিক পৰিবহণ নিগমে চলাচলৰ বাবে গ্রহণ কৰা ভ্রমণ সাঁৰথি আঁচনি কার্যকৰি কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হৈছে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীত গুলপীয়া বাছ চলাচলৰ শুভাৰম্ভ কৰাৰ পাছতেই ৰাজ্যিক পৰিবহণ নিগমে ৰাজ্যৰ বিভিন্ন প্রান্তত এই আঁচনি সম্প্রসাৰণ কৰাৰ পোষকতা কৰে৷ বিশেষকৈ তিনিচুকীয়া, ডিব্রুগড়, শিলচৰ আৰু যোৰহাটত এই আঁচনিৰ জৰিয়তে মহিলা আৰু জ্যেষ্ঠ নাগৰিক সকলৰ যাতায়াতৰ সুবিধার্থে পৰিবহণ নিগমে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব বুলি অধ্যক্ষ অশোক ভট্টৰায়ে জানিবলৈ দিছে৷

You might also like