নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রীড়া প্রাধিকৰণত ৩৪ পদ খালী, আবেদনৰ অন্তিম তাৰিখ ২৬ নৱেম্বৰ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ ভাৰত চৰকাৰৰ যুৱ পৰিক্রমা আৰু ক্রীড়া মন্ত্রালয়ৰ অধীনত পৰিচালিত এটি স্বতন্ত্র অনুষ্ঠান ভাৰতীয় ক্রীড়া প্রাধিকৰণত(Sports Authority of India) মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ প্রাধিকৰণৰ মুখ্য প্রশাসনিক বিষয়াই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি,Excercise Physiologistৰ ৩৪ পদত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷

বেদনকাৰীMBBSMedical Physiology/Human Physiology/ Sports & Exercise Physiology বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৮০,০০০–১,০০,০০০/৬০,০০০–৮০,০০০/৪০,০০০–৬০,০০০ টকা৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বাছনি প্রক্রিয়া, অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ভাৰতীয় ক্রীড়া প্রাধিকৰণৰ বেৱছাইটhttps://sportsauthorityofindia.nic.in/saijobs লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৬ নৱেম্বৰ, ২০২০৷

You might also like