নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাখটকীয়াত ৰহস্যজনক পিপিই কিটক লৈ আতংক

নিয়মীয়া বার্তা, ১৭ মেঃ সমগ্র ৰাজ্যকে ধৰি গুৱাহাটী মহানগৰীত দ্রুতগতিত বৃদ্ধি পাইছে ক’ৰোনাত আক্রান্তৰ সংখ্যা৷ ক’ৰোনা ভাইৰাছৰ হটবেডত পৰিণত হোৱা ফাঁচীবজাৰৰ লাখটকীয়াৰ ২ নং ৰে’লগেটৰ সমীপত আজি দুটাকৈ পেলনীয়া পিপিই কিটক লৈ তীব্র আতংকৰ সৃষ্টি হয়৷ মহানগৰীৰ লখৰাত অলপতে এজন মানসিক বিকাৰগ্রস্তই পেলনীয়া পিপিই কিট পৰিধান কৰি ৰাজপথত ঘূৰি ফুৰাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই শনিবাৰে পুনৰ লাখটকীয়াত ২নং ৰে’লগেটৰ সমীপৰ পদপথৰ দাঁতিত দুটাকৈ পিপিই কিট পৰি থকাক কেন্দ্র কৰি সমগ্র অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷

স্থানীয় লোকে জানিবলৈ দিয়া মতে, শনিবাৰে দিনৰ প্রায় ১২ বজাত ২নং ৰে’লগেটৰ সমীপৰ এটা বৈদ্যুতিক ট্রেন্সফর্মাৰৰ ওপৰত অজ্ঞাত লোকে দুটাকৈ পিপিই কিট পেলাই থৈ যায়৷ কোনো অজ্ঞাত লোকে পেলাই থৈ যোৱা এই পিপিই কিট লৈ এজন মানসিক বিকাৰগ্রস্তই ঘূৰি ফুৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে৷

আৰক্ষীয়ে স্বাস্থ্য বিভাগৰ লোকৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ পথৰ দাঁতিত পৰি থকা পিপিই কিট উদ্ধাৰ কৰি জ্বলাই দিয়ে৷ এই ঘটনাক লৈ সমগ্র লাখটকীয়া অঞ্চলত তীব্র আতংকৰ সৃষ্টি হয়৷ কিন্তু ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চলি থকা যুঁজৰ মাজতে কোনে এই ভয়ংকৰ কার্য সংঘটিত কৰিলে এই সন্দর্ভত সর্বত্র বিষয়টো চর্চা হৈছে৷ অৱশ্যে ফাঁচীবজাৰ আৰক্ষী সূত্রই সদৰী কৰা মতে আৰক্ষীয়ে জ্বলাই দিয়া পেলনীয়া সামগ্রী পিপিই কিট হয় নে নহয় এইক্ষেত্রত সঠিক তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও ঘটনা সন্দর্ভত তদন্ত অব্যাহত আছে৷

You might also like