কলাক্ষেত্রত দুদিনীয়া শ্রীকৃষ্ণৰ ৰাসলীলাৰ প্রস্তুতি
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ সহযোগত আৰু বিবি ক্রিয়েচনৰ উদ্যোগত দুদিনীয়া কার্যসূচীৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত শ্রীকৃষ্ণৰ সম্পূর্ণ ৰাসলীলা অনুষ্ঠিত হ’ব৷ অহা ১৯ আৰু ২০ ডিচেম্বৰত কলাক্ষেত্রত সন্ধিয়া ৬.৩০ বজাৰ পৰা এই ৰাস মহোৎসৱ অনুষ্ঠিত হ’ব৷ আজি গুৱাহাটী প্রেছ ক্লাবত আয়োজিত এখন সংবাদমেলত এইকথা সদৰী কৰে বিবি ক্রিয়েচনৰ সভাপতি হিমাংশু শেখৰ দাসে৷ দ্বাদশ বর্ষৰ বাবে বিবি ক্রিয়েচনৰ উদ্যোগত মঞ্চস্থ হ’বলগীয়া শ্রীকৃষ্ণৰ সম্পূর্ণ ৰাসলীলাত বহুকেইগৰাকী জনপ্রিয় অভিনেতা–ভিনেত্রীয়ে অভিনয় কৰিব৷ এইসকলৰ ভিতৰত আছে অতুল পাচনি, মন্মথ বৰুৱা, আইমী বৰুৱা, ৰিমঝিম শর্মা আদি৷ বিবি ক্রিয়েচনৰ সম্পাদক বসন্ত কুমাৰ বৰুৱাৰ পৰিকল্পনা আৰু পৰিচালনাৰে মঞ্চস্থ হ’বলগীয়া এই ৰাস মহোৎসৱত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে৷