খানামুখৰ লক্ষ্মীপূজাত মহিলাৰ ‘ৰাম বিজয়’ নাট মঞ্চস্থ
নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি ‘ৰাম বিজয়’ অংকীয়া নাটখন সমগ্র ৰাজ্য কিম্বা দেশৰ ভিন্ন স্থানৰ লগতে বিদেশতো পৰিৱেশন হৈ আহিছে যদিও শেহতীয়াভাৱে মহাপুৰুষজনাৰ ‘ৰাম বিজয়’ অংকীয়া নাটখন এক ব্যতিক্রমী ৰূপত প্রদর্শিত হয় গুৱাহাটী মহানগৰীৰ খানামুখ ৰাইজৰ উদ্যোগত অনুষ্ঠিত শ্রীশ্রী লক্ষ্মীপূজাৰ মঞ্চত৷
উল্লেখ্য যে মহানগৰীৰ খানামুখ ৰাইজ গয়ৰহৰ উদ্যোগত আয়োজিত শ্রীশ্রী লক্ষ্মীপূজাৰ সৈতে সংগতি ৰাখি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ‘ৰাম বিজয়’ অংকীয়া নাটখন পৰিৱেশন কৰে দক্ষিণ কামৰূপৰ বকোৰ ঐতিহাসিক ছমৰীয়া সত্রৰ এটা শিল্পী গোষ্ঠীয়ে৷ নাটখন মঞ্চস্থ কৰা ব্যতিক্রম এই কাৰণেই যে অংকীয়া নাটখন মঞ্চস্থ কৰা আটায়েই আছিল মহিলা শিল্পী৷
তাৎপর্যপূর্ণ যে মহিলাৰ দ্বাৰা সম্পূর্ণ অভিনীত অংকীয়া নাট নামনি অসমত এয়াই প্রথম৷ অংকীয়া নাটখনৰ পৰিচালনা ৰাতুল ভৰালী, কর্ণ মহন্ত, কমল ভৰালী আৰু লক্ষ্মীনাথ বায়নৰ৷ সূত্রধাৰ দিবাকৰ কলিতা৷ সংগীত ব্যৱস্থাপনা আছিল ৰাজীৱ দাস আৰু যুথিকা কলিতাৰ৷
উল্লেখ্য যে ‘ৰাম বিজয়’ অংকীয়া নাট মঞ্চস্থ কৰা মহিলা শিল্পীসকল আছিল ক্রমে ময়ূৰাক্ষী ভৰালী, জুমি দাইনাপালি, চুমি দাইনাপালি, দীপান্বিতা কলিতা, ছিয়াস্মিতা কলিতা, বৰষা দাস, বিষ্ণুপ্রিয়া বৈশ্য আৰু মূর্ছনা মহন্তৰ লগতে আন কেইবাগৰাকী মহিলা শিল্পী৷ লক্ষণীয় যে মহিলা শিল্পীসকলে মঞ্চস্থ কৰা ‘ৰাম বিজয়’ অংকীয়া নাটখন উপভোগ কৰি দর্শক ৰাইজ আপ্লুত হৈ পৰে৷