নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনচিচি কেডেট বিষয়াক সম্বর্ধনা ৰাজ্যপাল জগদীশ মুখীৰ

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ:  নতুন দিল্লীত অনুষ্ঠিত গণৰাজ্য দিৱসত অংশগ্রহণ কৰি বিভিন্ন ক্ষেত্রত পাৰদর্শিতা প্রদর্শনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৰাষ্ট্রীয় শিক্ষার্থী বাহিনীৰ ১৪জন কেডেট আৰু ১০জন সহযোগী এন চি চি বিষয়াক কালি অসমৰ ৰাজভৱনত আয়োজিত গাম্ভীর্যপূর্ণ অনুষ্ঠানত সম্বর্ধনা জনোৱা হয়৷ ৰাজভৱনৰ সভাগৃহত এন চি চি কেডেট আৰু বিষয়াক সম্বর্ধনা জনায় অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে৷

অনুষ্ঠানত উপস্থিত থাকি এন চি চিৰ উত্তৰ–পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালকপ্রধান মেজৰ জেনেৰেল ভাস্কৰ কলিতাই অসমত এন চি চিৰ শেহতীয়া স্থিতিৰ বিষয়ে ৰাজ্যপালক অৱগত কৰায়৷ অনুষ্ঠানত এন চি চিৰ গুৱাহাটী গ্রুপৰ গ্রুপ কমাণ্ডাৰ ব্রিগেডিয়াৰ যোগেশ চন্দ্র তালুকদাৰ, ৪৭ ৰাইডিং এণ্ড ভেটেনেৰী এন চি চি ইউনিটৰ কমাণ্ডিং অফিচাৰ কর্নেল সশমীৰ ভাটনাগৰকে ধৰি কেইবাজনো সেনা বিষয়া, ৰাজ্যপালৰ প্রধান সচিব মীনাক্ষি সুন্দৰম, সচিব স্বপ্ণা দত্ত, উপ–সচিব গীতার্থ বৰুৱাকে ধৰি কেইবাজনো বিষয়া উপস্থিত থাকে৷

You might also like