অসমী চাৰছ মেলাত ৩.৩০ কোটিৰ বিক্রী
নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ মহানগৰীৰ খানাপাৰাত চলি থকা অসমী চাৰছ মেলাত গ্রাহকৰ ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে৷ খানাপাৰাৰ গণেশ মন্দিৰ ইনড’ৰ ষ্টেডিয়ামত যোৱা ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই মেলাত উত্তৰ–পূবৰ বিভিন্ন ৰাজ্যৰ গ্রাহকৰ আগমন ঘটাৰ লগতে ৩০ জানুৱাৰীলৈ মেলাখনত প্রায় ৩.৩০ কোটি টকা বিক্রী হৈছে৷ বিশেষকৈ মাহৰ শেষৰটো দেওবাৰে চাৰছ মেলাত গ্রাহকে ব্যাপক ভিৰ কৰা পৰিলক্ষিত হয়৷ মেলাত উপলব্ধ এৰী আৰু মুগাৰ কাপোৰকে ধৰি জনজাতীয় সাজপাৰ, বাঁহ–বেতৰ সামগ্রী আৰু জনজাতীয় খাদ্য সম্ভাৰৰ লগতে মণিপুৰী অলংকাৰ, ঝাৰখণ্ড, মহাৰাষ্ট্র, কাশ্মীৰী চাদৰ আৰু বাংলাদেশৰ কাপোৰে গ্রাহকৰ ব্যাপক সমাদৰ লাভ কৰিছে৷ তদুপৰি উত্তৰ–পূবৰ আন আন ৰাজ্যৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা অংশগ্রহণ কৰা বিপণীসমূহতো গ্রাহকৰ উপস্থিতিয়ে বিৰ দি বাট নোপোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আনহাতে মেলাৰ বাকৰিত নিতৌ অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানে উপস্থিতসকলক মুগ্ধ কৰিছে৷