সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ জিলা পৰিবহণ
নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ ৰাজ্যৰ আন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীৰ একাংশ লোকে বনভোজ খোৱা আৰু নৱবর্ষক আদৰাৰ নামত সুৰাপান কৰি ৰাজপথত বাহন চলাই দুর্ঘটনা সংঘটিত কৰা তথা পথ সুৰক্ষাৰ দিশটোৰ প্রতি ভাবুকি কঢ়িয়াই অনা বিষয়টোত গভীৰ উদ্বেগ প্রকাশ কৰিছে কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিভাগে৷ আনকি বর্তমানৰ উৎসৱকালীন পৰিৱেশত একাংশ চালকে সুৰাপান কৰি বাহন চলোৱাসকলৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে মহানগৰীত ইতিমধ্যে অভিযান আৰম্ভ কৰিছে৷
এই সন্দর্ভত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে, নৱবর্ষক আদৰাৰ নামত আগন্তুক ৩১ ডিচেম্বৰৰ নিশা যাতে কোনেও সুৰাপান কৰি বাহন নচলায়, তাৰ বাবে আহ্বান জনোৱা হৈছে৷ কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সিদ্ধান্ত অনুসৰি, তেনে চালকৰ বিৰুদ্ধে যান–বাহন আৰক্ষী, আবকাৰী বিভাগ, জিলা প্রশাসনৰ সৈতে পৰিবহণ বিভাগে যৌথ অভিযান চলাব৷ তেনেদৰে বিগত দিনকেইটাত বনভোজ দলৰ বাহন চলোৱা একাংশ চালকে সুৰাপান কৰি বাহন চলাই দুর্ঘটনা সংঘটিত কৰা বিষয়টোক গুৰুত্বসহকাৰে গ্রহণ কৰা হৈছে৷ যাৰ বাবে নৱবর্ষক আদৰা আৰু বনভোজ খোৱাৰ নামত কোনো চালকে যাতে সুৰাপান নকৰে, তাৰ বাবে আহ্বান জনোৱা হৈছে৷