নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূব গুৱাহাটীত সিদ্ধার্থ–অসীমা–অদীপ ব্যাপক প্রচাৰ অভিযান; ২.৩৬ লাখ ভোটাৰে নির্ণয় কৰিব ১০ প্রার্থীৰ ভাগ্য

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ অসম বিধানসভাৰ তৃতীয় পর্যায়ৰ নির্বাচনলৈ মাজত মাত্র তিনিটা দিন বাকী থকা অৱস্থাত আকর্ষণীয় হৈ পৰিছে প্রার্থীৰ নির্বাচনী প্রচাৰ অভিযান৷ ৰাজ্যৰ অন্যতম গুৰুত্বপূর্ণ সমষ্টি ৫৩নং পূব গুৱাহাটী সমষ্টিতো বিজেপি মিত্রজোঁট, কংগ্রেছ মহাজোঁট, অসম জাতীয় পৰিষদকে ধৰি অন্যান্য দলৰ আৰু নির্দলীয় প্রার্থীসকলে প্রচাৰ অভিযান তীব্রতৰ কৰি তুলিছে৷ পূব গুৱাহাটী সমষ্টিৰ বিজেপি মিত্রজোঁটৰ প্রার্থী সিদ্ধার্থ ভট্টাচার্য, কংগ্রেছ মহাজোঁটৰ প্রার্থী অসীমা বৰদলৈ, অজাপৰ অদীপ কুমাৰ ফুকন, অল ইণ্ডিয়া ফৰৱার্ড ব্লকৰ ভূপেন শর্মা, এন পি পিৰ ৰাজপ্রসাদ শইকীয়া, এল জে পিৰ মিতালী ডেকা দেৱী, নির্দলীয় প্রার্থী দিৱস ফুকন, প্রণয় দাস, বাপ্পী আইচ আৰু প্রণৱজ্যোতি দাসে প্রতিদ্বন্দ্বিতা কৰিছে৷

বিজেপি মিত্রজোঁটৰ প্রার্থী মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই সমষ্টিটোৰ চুকে–কোণে ব্যাপক নির্বাচনী প্রচাৰ চলাইছে৷  চানমাৰি অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত সিদ্ধার্থ ভট্টাচার্যৰ হৈ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই নির্বাচন প্রচাৰ চলায়৷ ইয়াৰ বিপৰীতে কংগ্রেছ মহাজোঁটৰ প্রার্থী অসীমা বৰদলৈয়েও সমষ্টিটোৰ অলিয়ে–গলিয়ে ব্যাপক প্রচাৰ অভিযান অব্যাহত ৰাখিছে৷ কিন্তু এতিয়ালৈকে সমষ্টিটোত অসীমা বৰদলৈৰ হৈ কংগ্রেছৰ শীর্ষ নেতৃত্বই প্রচাৰ চলোৱা নাই৷

অৱশ্যে মহাজোঁটৰ সমর্থনত সমষ্টিটোৰ বিভিন্ন স্থানত চি পি আই (এম)ৰ নেতৃত্বই ব্যাপক প্রচাৰ চলায়৷ পূব গুৱাহাটী সমষ্টিত অজাপৰ প্রার্থী অদীপ কুমাৰ ফুকনেও প্রচাৰ চলাই ৰাইজৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু এল জে পি, এন পি পি আৰু নির্দলীয় প্রার্থীসকলে নির্বাচনী প্রচাৰ চলাই চমক দিব পৰা নাই৷

এইবাৰ ২,৩৬,২৮৯গৰাকী ভোটাৰে পূব গুৱাহাটী সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা ১০গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় কৰিব৷ ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ১,১৯,০৭৫ আৰু মহিলা ভোটাৰৰ সংখ্যা ১,১৭,২১৪৷ অহা ৬ এপ্রিলত সমষ্টিটোৰ ৩৫৩টা ভোটগ্রহণ কেন্দ্রত ভোটদান অনুষ্ঠিত হ’ব৷ পূব গুৱাহাটী সমষ্টিত নির্বাচনী প্রচাৰত এতিয়ালৈকে বিজেপি প্রার্থী সিদ্ধার্থ ভট্টাচার্যই সকলোতকৈ আগবাঢ়ি আছে বুলি ৰাজনৈতিক পর্যবেক্ষকসকলে মন্তব্য কৰিছে৷

অৱশ্যে ইয়াৰ সমান্তৰালকৈ কংগ্রেছ প্রার্থী অসীমা বৰদলৈ আৰু অজাপৰ প্রার্থী অদীপ কুমাৰ ফুকনেও ৰাইজৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ পূব গুৱাহাটী সমষ্টিত বিজেপি মিত্রজোঁটৰ প্রার্থী সিদ্ধার্থ ভট্টাচার্য আৰু কংগ্রেছ মহাজোঁটৰ প্রার্থী অসীমা বৰদলৈৰ মাজতেই মূল যুঁজখন হ’ব বুলি নির্বাচনী পর্যবেক্ষকসকলে মন্তব্য কৰিছে৷ অৱশ্যে অহা ২ মে’ত পূব গুৱাহাটী সমষ্টিৰ পৰা কোনে জয়লাভ কৰিব, সেয়া নিশ্চিত হ’ব৷

You might also like