নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজধানী এক্সপ্রেছত চোৰ ধৃত; তিনিটা ম’বাইল ফোন উদ্ধাৰ

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ গুৱাহাটী ৰে’ল ষ্টেচনত আজি আৰপিএফৰ জোৱানে অভিযান চলাই নামনিমুৱা ৰাজধানী এক্সপ্রেছৰ পৰা এটা ম’বাইল চোৰক গ্রেপ্তাৰ কৰাৰ লগতে তিনিটা চুৰি ম’বাইল ফোন উদ্ধাৰ কৰে৷

ধৃত চোৰটো মহানগৰীৰ গড়চুক থানাৰ অন্তর্গত কটহবাৰীৰ ১নং মছজিদ গলিৰ মিৰাজ আলী (২০) বুলি ৰে’ল আৰক্ষীয়ে জানিবলৈ দিছে৷ আৰক্ষী সূত্রই জনোৱা মতে, লামডিঙৰ পৰা গুৱাহাটী অভিমুখী নামনিমুৱা ৰাজধানী এক্সপ্রেছখন আজি বিয়লি প্রায় ৪.৩০ বজাত গুৱাহাটী ষ্টেচনত উপস্থিত হয়৷

আৰপিএফৰ জোৱানে ৰাজধানী এক্সপ্রেছত তালাচী চলোৱাৰ সময়তে সন্দেহজনকভাৱে যুৱকজনক আটক কৰি সোধা–পোছা কৰাত সকলো তথ্য পোহৰলৈ আহে৷

উল্লেখ্য যে ধৃত যুৱকজনে ৰে’লখনত যাত্রীৰ পৰা ম’বাইল ফোন লুট কৰি আহিছে৷ আৰপিএফৰ জোৱানে সোধা–পোছাৰ অন্তত ধৃত চোৰটোক জিআৰপি থানাত গতাই দিয়ে৷ সম্প্রতি জিআৰপি থানাত আৰক্ষীয়ে ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি চোৰটোক জেৰা অব্যাহত ৰাখিছে৷

You might also like