নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পদপথৰ বাসিন্দাৰ পৰা সংক্রমণৰ আশংকা

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ  ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে মহামাৰী ক’ভিডৰ সংক্রমণ৷ যোৱা বছৰৰ দৰে একে সময়তে ক’ভিড সংক্রমণৰ দ্বিতীয় ঢ়ৌ অসমতো আৰম্ভ হোৱাত ইতিমধ্যে বহুসংখ্যক লোক সংক্রমিত হোৱাৰ লগতে কেইবাজনো লোকৰ মৃত্যু হৈছে৷ ৰঙালি বিহুৰ প্রাক্মুহূর্তত ক’ভিডৰ সংক্রমণ বৃদ্ধি হোৱাক লৈ ৰাজ্যখনত পুনৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷ অভিভাৱকসকলে বিশেষকৈ কণ কণ শিশুক বিদ্যালয়লৈ পঠিয়াবলৈ চিন্তা কৰিবলগা হৈছে৷ এনে পৰিস্থিতিত স্বাস্থ্য বিভাগ তথা ৰাইজে অধিক সজাগতা অৱলম্বন কৰাটো জৰুৰী হৈ পৰিছে৷

ক’ভিডৰ ভয়াৱহ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি চিকিৎসক–স্বাস্থ্যক পাছত ৬০ ঊর্ধ্বৰ লোক আৰু শেহতীয়াকৈ ৪৫ বছৰৰ লোকসকলক ক’ভিডৰ ভেকছিন দিয়া হৈছে৷ ৰাজ্যত বর্তমানো ভেকচিন দিয়াৰ ব্যৱস্থা অব্যাহত আছে৷ কিন্তু ইয়াৰ মাজতে ৰাজ্যৰ বিভিন্ন চহৰৰ লগতে গুৱাহাটী মহানগৰীত ফুটপাথে ফুটপাথে ঘুৰি ফুৰা অঘৰী লোকসকল ক’ৰোনা টেষ্টৰ আওতাৰ বাহিৰত ৰৈ গৈছে৷ চহৰ কিম্বা মহানগৰীৰ ফুটপাথে ফুটপাথে ঘূৰি ফুৰা তথা নিশা ফুটপাথ বা ব্যৱসায়িক প্রতিষ্ঠানৰ বাৰান্দা আদিত নৈশ যাপন কৰা গৃহহীন লোকসকলো ক’ভিডত সংক্রমিত হ’ব পাৰে৷ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ এক সূত্রই জনোৱা মতে, মাস্ক নিপিন্ধাৰউপৰি অন্যান্য স্বাস্থ্য বিধি মানি নচলাকৈ খাদ্য বা দুপইচা সংগ্রহৰ বাবে ফুটপাথ তথা অলিয়ে গলিয়ে ঘূৰি ফুৰা অঘৰী লোকসকল ক’ৰোনাত আক্রান্ত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ কিন্তু ইয়াৰ পাছতো এই লোকসকল মুঠেও সচেতন নহয়৷ তেওঁলোকে ক’ভিড বিধি মানি চলিব লগা বিষয়টোক গুৰুত্ব নিদিয়ে৷

উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ শুক্রেশ্বৰ দেৱালয়, ফাঁচী বজাৰ, পল্টন বজাৰ, গণেশগুৰি, আইএছবিটি, মালিগাঁও, আদাবাৰী আদি অঞ্চলত ফুটপাথে ফুটপাথে তথা জনসমাগমৰ মাজত বহুসংখ্যক অঘৰী লোক দৈনিক খাদ্য বা পইচা সংগ্রহ কৰাৰ বাবে ঘূৰি ফুৰে৷ কিন্তু লক্ষণীয়ভাৱে এইসকল লোক শাৰীৰিকভাৱে অসুস্থ হ’লেও স্বাস্থ্য পৰীক্ষা কৰিবলৈ চিকিৎসকৰ কাষ নাচাপে বা হস্পিতাললৈ নাযায়৷

স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসাৰ বাবে প্রয়োজনীয় টকা পইচা নথকাৰ বাবেই সাধাৰণতে এই লোকসকল হাস্পতাললৈ নাযায়৷ তদুপৰি জীৱনৰ প্রতি মোহভংগ ঘটি ঘৰৰ পৰা ওলাই আহি ফুটপাথৰ বাসিন্দা হোৱা একাংশ লোক ক’ৰোণাৰ আতংকত আতংকিত নোহোৱাটোৱেই স্বাভাৱিক৷ গতিকে ফুটপাথৰ বাসিন্দাসকলেও যিহেতু মানুহৰ মাজতে ঘূৰি ফুৰে আৰু তেওঁলোকা ক’ৰোনাত আক্রান্ত হ’ব পাৰে আৰু তেওঁলোকৰ পৰা আন লোকৰ দেহলৈ ক’ৰোনাৰ সংক্রমণ হোৱাৰ আশংকা বৃদ্ধি পাইছে৷ এনে কাৰণতে ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে এই লোকসকলকো ক’ভিড ভেকছিন দিয়াৰ বাবে ব্যৱস্থা গ্রহণ কৰিব বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷

ফুটপাথৰ বাসিন্দাসকলক ক’ভিডৰ প্রথম পালি ভেকছিন দিয়াৰ বাবে ৰাষ্ট্রীয় স্বাস্থ্য অভিযানে ইয়াৰ বাবে সমাজ কল্যাণ বিভাগ আৰু জিলা উপায়ুক্তসকলৰ সৈতে আলোচনা কৰি ব্যৱস্থা গ্রহণ কৰিব বুলিও সূত্রটোৱে জনায়৷

You might also like