নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনতে ডেৰ লক্ষাধিক পজিটিভঃ দেশত ক’ভিডৰ ভয়ংকৰ সংক্রমণ

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ ভাৰতত পুনৰ ক’ভিড–১৯ মহামাৰীৰ দ্বিতীয় জোৱাৰে সংক্রমণৰ সংহাৰ সৃষ্টি কৰিছে৷ দেশখনত বিগত ২৪ ঘণ্টাত ক’ভিড মহামাৰীত আক্রান্ত হৈছে ১,৫২,৮৭৯গৰাকী লোক৷ এই সময়ছোৱাত ক’ভিড আক্রান্ত ৮৩৯গৰাকী লোকৰ মৃত্যু হৈছে ক’ভিডৰ সংক্রমণৰ দ্বিতীয় জোৱাৰ আৰম্ভ হোৱাৰ পাছত এটা দিনত এয়া এক অভিলেখ৷ লক্ষণীয়ভাৱে শেহতীয়াকৈ দেশত ১১ লক্ষাধিক লোকে ক’ভিডৰ চিকিৎসা গ্রহণ কৰি আছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰিছে এই তথ্য৷ যোৱা বছৰ ক’ভিডৰ সংক্রমণ আৰম্ভ হোৱাৰ পাছৰে পৰা এতিয়ালৈকে দেশত মুঠ ১ কোটি ৩৩ লাখ লোক আক্রান্ত হৈছে৷ অৱশ্যে ইয়াৰ গৰিষ্ঠসংখ্যকেই সুস্থ হৈ উঠিছে৷ ইয়াৰ বিপৰীতে এই মহামাৰীত এতিয়ালৈ প্রাণ হেৰুৱাইছে ১.৬৯ লাখ লোকে৷ স্মর্তব্য যে শেহতীয়াকৈ অতি দ্রুতগতিত সংক্রমণ ঘটিছে ক’ভিড মহামাৰীৰ৷ অৱশ্যে ক’ভিড মহামাৰীৰ এই দ্রুত সংক্রমণৰ সময়তে টিকাকৰণ প্রক্রিয়া ক্ষিপ্রতৰ কৰাৰ উপৰি দৈনিক অধিকসংখ্যক লোকৰ ক’ভিড টেষ্ট কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰিছে কেন্দ্রীয় চৰকাৰে৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আই চি এম আৰ) উল্লেখ কৰা অনুসৰি ১০ এপ্রিল পর্যন্ত দেশত ২৫,৬৬,২৬,৮৫০ লোকৰ নমুনা পৰীক্ষা কৰা হৈছে৷ লক্ষণীয়ভাৱে প্রতিদিনে ন ন ৰাজ্যত ক’ভিডৰ সংক্রমণ বৃদ্ধি পাবলৈ লৈছে৷
দিল্লীত ক’ভিড পৰিস্থিতি অতি জটিল
দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে উল্লেখ কৰা অনুসৰি দেশৰ ৰাজধানী মহানগৰখনত ক’ভিড পৰিস্থিতি অতি জটিল হৈ পৰিছে৷ বিগত ২৪ ঘণ্টাত দিল্লীত ১০,৭৩২গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ মুখ্যমন্ত্রীগৰাকীয়ে অতি জৰুৰী কাম নাথাকিলে দিল্লীৰ বাসিন্দাসকলক ঘৰৰ বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে৷ ইয়াৰ উপৰি মুখ্যমন্ত্রী কেজৰিৱালে সকলো লোককে ফেচ মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ উপৰি সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছে৷ আজি সংবাদ মাধ্যমৰে হোৱা বার্তালাপত মুখ্যমন্ত্রী কেজৰিৱালে উল্লেখ কৰে যে দিল্লীৰ পৰিস্থিতি এতিয়া অতি সংকটজনক৷ উল্লেখনীয় যে ২০২০ৰ নৱেম্বৰতকৈ শেহতীয়া সংক্রমণ অধিক ভয়াৱহ বুলিও মন্তব্য কৰে কেজৰিৱালে৷ মুখ্যমন্ত্রীগৰাকীৰ মতে দিল্লীত এয়া ক’ভিড সংক্রমণৰ চতুর্থ জোৱাৰ চলিছে৷ এই চতুর্থ জোৱাৰে কেন্দ্রীয়শাসিত ৰাজ্যখনৰ পৰিস্থিতি অধিক জটিল কৰি তোলাৰ আশংকা আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ ইয়াৰ ফলত অধিকসংখ্যক লোক সংক্রমিত হ’লে দিল্লীৰ সমগ্র স্বাস্থ্য ব্যৱস্থাটোৱেই ভাগি পৰিব বুলি আশংকা কৰিছে কেজৰিৱালে৷
মহাৰাষ্ট্রত ১৫ দিনীয়া লকডাউনৰ সম্ভাৱনা
দেশৰ ভিতৰতে ক’ভিড–১৯ মহামাৰীত অধিকসংখ্যক লোক আক্রান্ত হোৱা মহাৰাষ্ট্রত পুনৰ ১৫ দিনীয়া লকডাউন দিয়াৰ সম্ভাৱনা আছে৷ লক্ষণীয় যে আজি ৰাজ্যখনৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেৰ আহ্বানমর্মে বিষয়টো সন্দর্ভত সিদ্ধান্ত ল’বলৈ সর্বদলীয় এক বৈঠকত মিলিত হৈছে ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকল৷ এক সূত্রই সদৰী কৰা অনুসৰি ৰাজ্যখনত ক’ভিড প্রতিৰোধী লকডাউন শীঘ্রে বলৱৎ হ’ব পাৰে৷ উল্লেখনীয় যে আজি আৰু কাইলৈ দুদিনীয়াকৈ সর্বদলীয় বৈঠক অনুষ্ঠিত কৰা হৈছে ৰাজ্যখনত৷ এই সর্বদলীয় বৈঠকতেই মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি ঘোষণা কৰিছে৷ স্মর্তব্য যে বর্তমান মহাৰাষ্ট্রত চলি আছে সাপ্তাহান্তিক লকডাউন৷ এই লকডাউনে ক’ভিড মহামাৰী প্রতিৰোধৰ ক্ষেত্রত বিশেষ প্রভাৱ পেলাবলৈ সক্ষম হোৱা নাই৷ গতিকে সম্পূর্ণ লকডাউনৰ বিষয়টোক লৈ চিন্তা–চর্চা কৰি আছে চৰকাৰে৷ স্মর্তব্য যে মহাৰাষ্ট্রত প্রতিদিনে প্রায় ৬০ হাজাৰ লোকক ক’ভিড ভেকচিন প্রদান কৰি থকা হৈছে৷

You might also like