নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পর্যটন ক্ষেত্রসমূহ ন–ৰূপত সজাই তোলাৰ আশ্বাস বিধায়ক কলিতাৰ

নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ দীপৰ বিল, ৰাণী, গডভঙা, উমছুৰ, জিমিৰগাঁও মাটাইখাৰ, চানডুবিৰ কাষৰীয়া অঞ্চলকে ধৰি পশ্চিম গুৱাহাটীৰ অসম–মেঘালয় সীমান্তৰ পর্যটনথলীসমূহৰ্ বিকাশৰ বাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱা হ’ব৷ ইয়াৰ বাবে পর্যটনৰ ক্ষেত্রখনৰ লগত জডিত সংস্থাসমূহ আগবাঢ়ি আহিব লাগিব৷– এই মন্তব্য পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ৷ ৭ নৱেম্বৰত আজাৰাৰ পার্শ্বৱর্তী আৰু প্রাকৃতিক সৌন্দর্যৰ বাবে বিখ্যাত ছাটাৰগাঁৱত ৰংমন ট্যুৰিজিম ছ’চাইটীৰ উদ্যোগত ‘পশ্চিম গুৱাহাটীত পর্যটনৰ বিকাশ’ বিষয়ক এখন সভাত ভাগ লৈ এই মন্তব্য কৰে বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই৷ বিধায়ক কলিতাই কয়– গুৱাহাটীৰ গাতে লাগি থকা দীপৰ বিলৰ পৰা গডভঙা আৰু ৰাণী বনাঞ্চলকে ধৰি চানডুবিলৈকে অসম–মেঘালয় সীমান্তৱর্তী অঞ্চলসমূহত পর্যটনৰ প্রচুৰ সম্ভাৱনা আছে৷ এতিয়া ভোকেল ফৰ লোকেল আঁচনিৰ অধীনত সকলোকে পর্যটনৰ উন্নয়নৰ হকে হাতে–কামে নামি পৰিবলৈ বিধায়ক কলিতাই আহ্বান জনায়৷ আনহাতে, ৰংমন ট্যুৰিজিম ছ’চাইটীৰ প্রতিষ্ঠাপক সম্পাদক প্রমোদ কলিতাই আঁত ধৰা সভাত ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বর্মন, জিলা পৰিষদৰ প্রাক্তন সদস্য ৰবীন দৈমাৰী, ছাটাৰগাঁৱৰ গাঁওবুঢ়া পদ্দুৰাম ৰাভা, নৱজ্যোতি সংঘৰ সভাপতি অজয় ৰাভা, সম্পাদক সঞ্জয় ৰাভাকে ধৰি স্থানীয় কেইবাজনো বিশিষ্ট লোক, বিৰাজ কলিতা, অখিল ৰংপী, কন্দর্প বডো, প্রাণেশ্বৰ ৰাভাকে ধৰি ছ’চাইটীৰ কেইবাজনো কর্মকর্তা উপস্থিত থাকে৷ ইয়াৰ উপৰি অঞ্চলটোৰ শতাধিক লোক উপস্থিতিত অনুষ্ঠিত সভাখনত ছাটাৰগাঁৱৰ পর্যটন ক্ষেত্রখনৰ বিকাশৰ বাবে কেইবাটাও সিদ্ধান্ত গ্রহণ কৰা হয়৷ তাৰ ভিতৰত ছাটাৰগাঁৱৰ থিয়পানী জলপ্রপাতলৈ সকলো সময়তে যাব পৰা ব্যৱস্থা কৰা, হোম ষ্টে’ হোমত আধুনিক অনাময়ৰ সা–সুবিধাৰ ব্যৱস্থা কৰা, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, সৌৰশক্তিচালিত বিদ্যুতৰ ব্যৱস্থা কৰা, ভিতৰৰ বাট–পথসমূহৰ উন্নয়ন সাধন কৰা, পাৰিপার্শ্বিক ভাৰসাম্য আৰু জৈৱ–বৈচিত্র্য সংৰক্ষণৰ বাবে বন বিভাগৰ সহযোগত পর্যটন নিয়ন্ত্রণ সমিতি গঠন কৰা আদি৷

You might also like