বশিষ্ঠ–লখৰা–গড়চুক যান–জঁটত অতিষ্ঠ পথচাৰী
নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ গুৱাহাটী মহানগৰীৰ বাট–পথৰ উন্নয়নৰ বাবে চৰকাৰ–প্রশাসনে বিভিন্ন আঁচনি গ্রহণ কৰি ৰাজকোষৰ ধন ব্যয় কৰিছে যদিও কার্যতঃ মহানগৰীৰ বাট–পথৰ আজিও উন্নয়ন হোৱা নাই৷ ফলত সঘনাই মহানগৰীৰ ৰাজপথত ব্যাপক যান–জঁট সৃষ্টি হোৱাত সর্বসাধাৰণ ৰাইজে যাতায়াতৰ ক্ষেত্রত জীয়াতু ভুগিবলগীয়া হৈছে৷ বিশেষকৈ মহানগৰীৰ বশিষ্ঠ চাৰিআলি, লখৰা, গড়চুক আৰু বৰাগাঁও অঞ্চলত নিতৌ পুৱা–গধূলি ব্যাপক যান–জঁট সৃষ্টি হোৱাত পথচাৰীসকল ঘণ্টাৰ পাছত ঘণ্টা ধৰি ৰাজপথত আবদ্ধ হৈ থাকিবলগীয়া হয়৷
ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে বহিঃৰাজ্যৰ পৰা শ শ যান–বাহন ৩৭নং ৰাষ্ট্রীয় ঘাইপথেৰে চলাচল কৰাৰ বাবেই গড়চুক, বৰাগাঁও, লখৰা আৰু বশিষ্ঠ চাৰিআলিত নিতৌ যান–জঁট সৃষ্টি হয়৷ বিশেষকৈ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ সংলগ্ন অঞ্চলকেইটাত উৰণীয়া সেতু নির্মাণ কৰাৰ বাবে বিভিন্ন দল–সংগঠনে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ আৰু চৰকাৰক দাবী জনাই অহাৰ পাছতো অঞ্চলকেইটাত আজিকোপতি উৰণীয়া সেতু নির্মাণৰ কাম আৰম্ভ হোৱা নাই৷ এইক্ষেত্রত প্রতিক্রিয়া প্রকাশ কৰি মহানগৰ উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক বীৰেন শর্মাই কয় যে যোৱা আঠ বছৰ পূর্বে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে বশিষ্ঠ চাৰিআলিত উৰণীয়া সেতু নির্মাণৰ কাম আৰম্ভ কৰাৰ কথা আছিল যদিও আজিপর্যন্ত সেয়া সম্ভৱ হৈ নুঠিল৷ ফলত বশিষ্ঠ চাৰিআলিত সৃষ্টি হোৱা যান–জঁটত ঘণ্টাৰ পাছত ঘণ্টা ধৰি শ শ যান–বাহন আবদ্ধ হৈ পৰে৷ একেই পৰিস্থিতিৰ সৃষ্টি হয় লখৰা চাৰিআলি, গড়চুক আৰু বৰাগাঁৱতো৷
অসম চৰকাৰৰ লগতে পূর্বৰ সাংসদ বিজয়া চক্রৱর্তী আৰু বর্তমানৰ সাংসদ কুইন ওজাক সমিতিৰ তৰফৰ পৰা বিগত সময়ছোৱাত বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো এইক্ষেত্রত ফলপ্রসূ ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ কৰে সমিতিৰ সম্পাদক শর্মাই৷ সেয়েহে শীঘ্রে অঞ্চলসমূহত উৰণীয়া সেতু নির্মাণৰ দাবী জনাইছে মহানগৰ উন্নয়ন সমিতিয়ে৷