নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কটনৰ স্নাতক শাখাত নামভর্তিৰ প্রৱেশ পৰীক্ষা বাতিল

নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: কটন বিশ্ববিদ্যালয়ত স্নাতক শাখাত নামভর্তিৰ বাবে অনুষ্ঠিত হ’বলগীয়া কটন আণ্ডাৰ গ্রেজুৱেট এণ্ট্ৰেন্স পৰীক্ষা (চি ইউ জি ই ই–২০২১) বাতিল কৰা হৈছে৷

শনিবাৰে কটন বিশ্ববিদ্যালয় কর্তৃপক্ষই এক জাননীযোগে এই কথা সদৰী কৰিছে৷ উচ্চতৰ মাধ্যমিক চূডান্ত পৰীক্ষাত শিক্ষার্থীয়ে লাভ কৰা নম্বৰৰ ভিত্তিতেই বিশ্ববিদ্যালয়খনত স্নাতক শাখাত শাখাত নামভর্তি হ’ব৷ নামভর্তি সন্দর্ভত বিস্তৃত নির্দেশনা আৰু অনলাইন আবেদনৰ নতুন তাৰিখৰ বিষয়ে শীঘ্রে জনাব বুলি বিশ্ববিদ্যালয় কর্তৃপক্ষই অৱগত কৰে৷

প্রৱেশ পৰীক্ষা বাতিল কৰা জাননীখন cottonuniversity.ac.inত উপলব্ধ৷

উল্লেখ্য যে পূর্বে শিক্ষার্থীয়ে প্রৱেশ পৰীক্ষাত লাভ কৰা নম্বৰ আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত লাভ কৰা নম্বৰৰ ৪০ শতাংশ যোগ কৰি মেধাৰ তালিকা প্রস্তুত কৰা হ’ব বুলি জনাইছিল৷

You might also like