উলুবাৰীত শ্মশানত মৃতদেহ সৎকাৰত বাধা ৰাইজৰ
নিয়মীয়া বাৰ্তা ১৩ জুনঃ সমগ্র দেশৰ লগতে অসম তথা গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে ক’ভিড–১৯ আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণক লৈ মহানগৰীৰ চৌদিশে তীব্র আতংকই বিৰাজ কৰি থকাৰ সময়তে শুকুৰবাৰে মহানগৰীৰ উলুবাৰী শ্মশানত ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰক বাধা দিয়াক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ উত্তেজিত ৰাইজে ক’ৰোনা আক্রান্তৰ মৃতদেহ শ্মশানত সৎকাৰ কৰাত তীব্র বিৰোধিতা কৰি শ্মশানৰ গেটত তলা লগাই দিয়ে৷ তদুপৰি স্থানীয় লোকৰ সুৰক্ষাৰ লগতে সামাজিক সংক্রমণৰ প্রতি লক্ষ্য ৰাখি স্থানীয় ৰাইজে শ্মশানত মৃতদেহ সৎকাৰত বাধা আৰোপ কৰি এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷
প্রাপ্ত খবৰ মতে, শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত যকৃত ৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা অৱস্থাত বাগ্সাৰ মণ্টু ৰামচিয়াৰী (৫০)ৰ দেহত ক’ৰোনা পজিটিভ ধৰা পৰে৷ হাস্পতালত চিকিৎসাধীন অৱস্থাতে অৱশেষত ৰামচিয়াৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ তেওঁৰ মৃত্যুৰ পাছত জিলা প্রশাসনে আৰক্ষীৰ সহযোগত মৃতদেহটো উলুবাৰী শ্মশানত সৎকাৰ কৰাৰ প্রস্তুতি চলোৱাৰ সময়তে শ্মশান সমিতিয়ে ইয়াৰ তীব্র বিৰোধিতা কৰে৷ এই খবৰ বিয়পি পৰাৰ লগে লগে উলুবাৰী শ্মশান পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে স্থানীয় অর্ধ শতাধিক লোক শ্মশানত উপস্থিত হৈ ইয়াৰ বিৰোধিতা কৰে৷ ইয়াতেই ক্ষান্ত নাথাকি সমিতিৰ সহযোগত ৰাইজে শ্মশানৰ ভিতৰত তলা ওলমাই দিয়ে৷
এই ঘটনাক কেন্দ্র কৰি সমগ্র উলুবাৰী অঞ্চলত শুকুৰবাৰে উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰে৷ অৱশ্যে শ্মশান সমিতিৰ লগতে স্থানীয় লোকে বিৰোধিতা কৰাৰ বাবে মৃতদেহটো উলুবাৰী শ্মশানত সৎকাৰ কৰাৰ পৰা বিৰত থকা বুলি জানিব পৰা গৈছে৷ ইপিনে পুৱাৰে পৰা সন্ধিয়ালৈ শ্মশানৰ গেটৰ সমীপত একাংশ লোক সমবেত হৈ থকাৰ বাবে ঘটনাস্থলীত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ লোক উপস্থিত হয়৷ উত্তেজিত ৰাইজে শ্মশানৰ গেটৰ সমীপত সন্ধিয়া প্রতিবাদ সাব্যস্ত কৰাৰ বাবে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ উল্লেখ্য যে গুণীন চন্দ্র মালাকাৰৰ মৃতদেহ প্রশাসনে উক্ত শ্মশানত ইয়াৰ পূর্বে সৎকাৰ কৰা বুলি সমিতিৰ একাংশই অভিযোগ কৰে৷ ইপিনে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জিলা উপায়ুক্ত বিশ্বজিৎ পেগুক সমগ্র ঘটনা সন্দর্ভত বুজ ল’বলৈ নির্দেশ দিছে৷